ফেইচবুক
ছ'চিয়েল নেটৱৰ্কিং ছাইট / From Wikipedia, the free encyclopedia
ফেইচবুক (ইংৰাজী: Facebook) এক চচিয়েল নেটৱৰ্কিং সেৱা আৰু ৱেবচাইট। ইয়াক ফেইচবুক ইনকৰ্পৰেটেড[1] নামৰ ব্যক্তিগত কোম্পানিয়ে ২০০৪ চনত ইণ্টাৰনেটৰ জৰিয়তে প্ৰচলন কৰিছিল। জুলাই ২০১৩ৰ তথ্য অনুসৰি ১.১৫ বিলিয়নৰো (১১৫ কোটি) অধিক ব্যৱহাৰকাৰীয়ে সক্ৰিয়ভাৱে ফেইচবুক ব্যৱহাৰ কৰে।[7] ইয়াক ব্যৱহাৰ কৰিবলৈ সদস্যভুক্ত হোৱা প্ৰয়োজন, ৱেবচাইটটোত এটা বিনামূলীয়া একাউণ্ট খুলি ল'ব লাগে। সদস্য সকলে ইয়াত নিজৰ "প্ৰফাইল"ত নিজৰ নাম-ঠিকনা, শিক্ষাগত অৰ্হতা, চাকৰি বা পেচা আদি (ঐচ্ছিকভাবে) প্ৰকাশ কৰাৰ উপৰিও 'ন'টচ' (ফেইচবুকৰ সীমিত সুবিধা থকা ব্যক্তিগত 'ব্লগ'), তড়িৎ যোগাযোগ বা "মেচেজিং", যুটীয়াভাৱে ব্যৱহাৰ কৰিব পৰা আলোচনা সমাজ বা ফেইচবুক গ্ৰুপ, ফটো প্ৰকাশ বা ষ্ট'ৰ কৰিব পৰা আদি বিভিন্ন (বিনামূলীয়া) সেৱা লাভ কৰে। শেহতীয়াকৈ ইয়াত 'ফেইচবুক পেজ' বুলি গ্ৰুপৰ নিচিনাই সা-সুবিধা থকা বিনামূলীয়া ৱেবচাইট সেৱা, প্ৰগ্ৰেমাৰ সকলে প্ৰগ্ৰেমিঙৰ সহায়ত ইয়াৰ সেৱাসমূহ যেনে লগ-ইন, 'টিকাৰ', 'ৱাল' আদি সুবিধাক ব্যৱহাৰ কৰিব পৰাকৈ ইয়াৰ 'গ্ৰাফ' 'এ পি আই' (API = Application Programming Interface) আদি সংযোগ কৰা হৈছে। আমেৰিকাৰ কিছুমান বিশ্ববিদ্যালয়ত নবাগত সকলে ইজনে সিজনক চিনি পোৱাত সহায় হ'বলৈ 'ফেইচবুক' বুলি এটা নিজা ইণ্টাৰনেট "ডাইৰেক্টৰী চাৰ্ভিছ" (ৱেবচাইট) ব্যৱহাৰ কৰি তেওঁলোকৰ বিতং তথ্য প্ৰকাশ কৰাৰ ব্যৱস্থা কৰে। ইয়াৰ পৰাই ফেইচবুক নামটো লোৱা হৈছে।[8]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
প্ৰকাৰ | ব্যক্তিগত (planning IPO) | |
---|---|---|
প্ৰতিষ্ঠা | কেম্ব্ৰিডজ, মেছাচুচেৎছ, আমেৰিকা[1] (২০০৪ (2004)) | |
প্ৰতিষ্ঠাপক |
| |
মূখ্য কাৰ্যালয় | পাউলো আল্টো, কেলিফোৰ্ণিয়া, আমেৰিকা, বৰ্তমান মেনলো পাৰ্ক, কেলিফোৰ্ণিয়া, আমেৰিকালৈ স্থানান্তৰিত কৰা হৈছে | |
কৰ্মৰ এলেকা | বিশ্বজুৰি | |
উল্লেখযোগ্য ব্যক্তি |
| |
ৰাজহ | US$ ৫৫.৮৩৮ বিলিয়ন (২০১৮)[2] | |
Operating আয় | US$ 24.913 বিলিয়ন (২০১৮)[2] | |
মুঠ আয় | US$ 22.111 বিলিয়ন (২০১৮)[2] | |
Total assets | US$ 97.334 বিলিয়ন (২০১৮)[3] | |
Total equity | US$ 84.127 বিলিয়ন (২০১৮)[3] | |
কৰ্মচাৰী | ৩৯,৬৫১ (জুন ৩০, ২০১৯)[4] | |
ৱেবছাইট | www.facebook.com | |
IPv6 সেৱা | www.v6.facebook.com | |
এলেক্সা তালিকাত স্থান | ৩ (February 2019)[update][5] | |
ৱেবছাইটৰ প্ৰকাৰ | চচিয়েল নেটৱৰ্কিং সেৱা | |
বিজ্ঞাপন | Banner ads, referral marketing, casual games | |
পঞ্জীকৰণ | প্ৰয়োজনীয় | |
ব্যৱহাৰকাৰী | ৮ কোটি[6] (চেপ্টেম্বৰ ২০১১ত সক্ৰিয়) | |
উপলব্ধ ভাষা | বহুভাষিক | |
প্ৰচলন হয় | ৪ ফেব্ৰুৱাৰী, ২০০৪ | |
বৰ্তমানৰ স্থিতি | সক্ৰিয় | |
|
ফেইচবুকৰ স্থাপন কৰ্তা হৈছে মাৰ্ক জুকাৰবাৰ্গ আৰু তেওঁৰ সহপাঠী এডুৱাৰ্ড’ চাভেৰিন, ডাষ্টিন মস্কভাইট আৰু ক্ৰিছ হিউজেছ।[9]