ফিওদোৰ দস্তয়েভস্কি
From Wikipedia, the free encyclopedia
ফিওদোৰ মিখাইলভিছ দস্তয়েভস্কি (ইংৰাজী: Fyodor Mikhailovich Dostoevsky) আছিল এজন ৰাছিয়ান ঔপন্যাসিক, চুটি গল্প লেখক, প্ৰবন্ধকাৰ, সাংবাদিক আৰু দাৰ্শনিক। দস্তয়েভস্কিৰ সাহিত্যিক কৰ্মৰাজীত ১৯ শতিকাৰ ৰাছিয়ান সাম্ৰাজ্যত সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰা ৰাজনৈতিক, সামাজিক আৰু আধ্যাত্মিক বাতাৱৰণৰ কালছোৱাত মানৱীয় মনস্তত্ত্বৰ অন্বেষণ দৃষ্টিগোচৰ হয়; তাৰ লগতে সমন্বয় ঘটে দাৰ্শনিক আৰু ধাৰ্মিক বিষয়বস্তুৰ (থিম)। তেওঁৰ বহুলসমাদৃত কৰ্মৰ ভিতৰত ক্ৰাইম এণ্ড পানিছমেণ্ট (১৮৬৬), দ্য ইডিয়ট (১৮৬৯), ডেমনছ (১৮৭২), আৰু দ্য ব্ৰাডাৰছ্ কাৰাম'জ'ভ (১৮৮০) প্ৰধান। তেওঁৰ সৃষ্টিৰাজীৰ সুবিশাল ভাণ্ডাৰটো সমৃদ্ধ হৈছে এঘাৰখন উপন্যাস, তিনিখন উপন্যাসিকা, সোতৰটা চুটি গল্পকে ধৰি অলেখ সৰু-বৰ সৃষ্টিৰ দ্বাৰা। সাহিত্যৰ বহু সমালোচকে তেওঁক বিশ্ব-সাহিত্যৰ এগৰাকী মহান মনোবিজ্ঞানী হিচাপে আখ্যা দিয়ে।[1] ১৮৬৪ চনত তেওঁ লিখা উপন্যাসিকা ন'টছ ফ্ৰম আণ্ডাৰগ্ৰাউণ্ডক "অস্তিত্ববাদ-সাহিত্য"ৰ (existentialism) এক উল্লেখযোগ্য কৰ্ম হিচাপে বিবেচনা কৰা হয়।[2]
ফিওদোৰ দস্তয়েভস্কি | |
---|---|
ভেছিলি পেৰ'ভৰ দ্বাৰা অঙ্কিত প্ৰতিকৃতি, ১৮৭২ | |
জন্ম | ফিওদোৰ মিখাইলভিছ দস্তয়েভস্কি ১১ নৱেম্বৰ, ১৮২১ মস্কো, মস্কো গৱৰনৰেট, ৰাছিয়ান সাম্ৰাজ্য |
মৃত্যু | ২৮ জানুৱাৰী, ১৮৮১ (৫৯ বছৰ) ছেইণ্ট পিটাৰ্ছবাৰ্গ, ৰাছিয়ান সাম্ৰাজ্য |
পেচা |
|
ৰাষ্ট্ৰীয়তা | ৰাছিয়ান |
শিক্ষা | সামৰিক অভিযান্ত্ৰিক-কাৰিকৰী বিশ্ববিদ্যালয়,ছেইণ্ট পিটাৰ্ছবাৰ্গ |
ধৰণ |
|
বিষয় |
|
সাহিত্যিক বিপ্লৱ | বাস্তৱবাদ |
উল্লেখনীয় কৰ্মৰাজি |
|
দাম্পত্যসংগী |
|
স্বাক্ষৰ |