পৰ্ণগ্ৰাফি
From Wikipedia, the free encyclopedia
পৰ্ণগ্ৰাফি (ইংৰাজী: Pornography; সংক্ষেপে "পৰ্ণ"; Porn) যৌন আবেগ সৃষ্টিৰ উদ্দেশ্যে যৌনসংক্ৰান্ত বিষয়বস্তুৰ প্ৰতিকৃতি অঙ্কন বা পুঙ্খানুপুঙ্খ বৰ্ণনা।[1] পৰ্ণগ্ৰাফি শব্দটি গ্ৰীক শব্দ "পৰনোগ্ৰাফিয়া"ৰ পৰা আহিছে। পৰ্ণগ্ৰাফি বিভিন্ন মাধ্যমৰ দ্বাৰা উপস্থাপন কৰা হয়, এই সমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে আলোচনী, এনিমেছন, লেখা, চলচ্চিত্ৰ, ভিডিঅ', ছবি, শব্দ ৰেকৰ্ডিং, ভিডিঅ' গেম ইত্যাদি। এই শব্দটোৱে 'লাইভ' পৰিদৰ্শন যেন 'যৌন অনুষ্ঠান' আদিক নুবুজায়। বৰ্তমানৰ পৰ্ণগ্ৰাফিৰ প্ৰাথমিক বিষয় হৈছে পৰ্ণ মডেল সকলৰ দ্বাৰা স্থিৰ চিত্ৰ আৰু যৌন কাৰ্যৰ চিত্ৰণ।
সমাজৰ বিভিন্ন গোটে বিভিন্ন মাধ্যমেৰে যৌন আচৰণৰ মুক্ত প্ৰদৰ্শনক, অনৈতিক, নিচা যুক্ত, আৰু ক্ষতিকাৰক বুলি যুক্তি দৰ্শাইছে আৰু তেওঁলোকে এই সমূহক অশিষ্টআইনৰ অধীনত দমন কৰা, চেন্সৰ কৰা বা অবৈধ ঘোষণা কৰাৰ বিষয়ে বিবেচনা কৰিছে। পৰ্ণগ্ৰাফৰ সংজ্ঞাও বিভিন্ন ঐতিহাসিক, সাংস্কৃতিক আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পৃথক পৃথক ভাৱে বৰ্ণনা কৰা আছে।
যৌনতাৰ আলোচনা আৰু উপস্থাপনৰ প্ৰতি সামাজিক মনোভাৱ পশ্চিমীয়া দেশবোৰত অধিক সহনশীল হৈ উঠিছে, আৰু অশ্লীলতাৰ আইনী সংজ্ঞা সীমিত হৈ পৰিছে। ১৯৬৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত মুক্তি' প্ৰাপ্ত এণ্ডী ৱাৰহলৰ প্ৰথমখন প্ৰাপ্ত বয়স্ক চলচ্চিত্ৰ 'ব্লু মোভি'ৰে আৰম্ভ হৈছিল পৰ্ণগ্ৰাফিৰ সোণালী সময় (১৯৬৯–১৯৮৪) য'ত সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ পৰ্ণগ্ৰাফ চিনেমাসমূহ মূল সংস্কৃতিৰ অংশ হৈ পৰে।
বিংশ শতিকাৰ শেষৰভাগত পৰ্ণগ্ৰাফৰ উৎপাদন আৰু ব্যৱহাৰৰ দ্বাৰা এক বৰ্ধিত উদ্যোগ বিকশিত হৈ উঠিছিল। ইণ্টাৰনেটত ঘৰুৱা পৰ্ণ ভিডিঅ' আৰু পৰিকল্পিত পৰ্ণ চিত্ৰনে সমগ্ৰ পৃথিৱীৰ পৰ্ণ উদ্যোগটোত এক প্ৰবল তাণ্ডৱ সৃষ্টিৰে কোটি কোটি ডলাৰ উপাৰ্জন কৰে।[2] কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে বাণিজ্যিকীকৰণ কৰা পৰ্ণগ্ৰাফৰ দ্বাৰা হোৱা উপাৰ্জন হৈছে ২.৫ বিলিয়ন আমেৰিকান ডলাৰ, যাৰ ভিতৰত আছে বিভিন্ন মাধ্যম আৰু সংশ্লিষ্ট সামগ্ৰী আৰু সেৱাৰ উৎপাদন। বৰ্তমানৰ আমেৰিকান পৰ্ণ উদ্যোগটো ১০-১২ বিলিয়ন ডলাৰৰ ভিতৰত আছে।[3] ২০০৬ চনত বিশ্ব পৰ্ণগ্ৰাফ ৰাজহ আছিল ৯৭ বিলিয়ন ডলাৰ।[4] এই উদ্যোগটোৱে সহস্ৰাধিক প্ৰদৰ্শনকাৰীক আৰ্থিক সমৰ্থন কৰাৰ লগতে আৰু ইয়াৰ উৎপাদন কৰ্মচাৰী, কলা-কুশলী সকলকো উপাৰ্জনৰ বাট দিয়ে। ইয়াৰ সৈতে উৎসৰ্গিত উদ্যোগ প্ৰকাশন আৰু বাণিজ্য গোট, এৱাৰ্ড শ্ব', লগতে প্ৰেছ, ব্যক্তিগত সংগঠন, চৰকাৰী সংস্থা, আৰু ৰাজনৈতিক সংগঠনো জড়িত আছে।[5] একবিংশ শতিকাত সন্মতিবিহীন সংগমৰ বিষয়বস্তু সম্বলিত ভিডিঅ' আৰু চাইবাৰছেক্স ট্ৰেফিকিঙকো জনপ্ৰিয় পৰ্ণ'গ্ৰাফিক ছাইটসমূহত তুলি ধৰা হৈছে।[6][7][8][9]