পৰিবহণ
From Wikipedia, the free encyclopedia
পৰিবহণ (ইংৰাজী: Transport) হৈছে মানুহ, জীৱ-জন্তু আৰু সামগ্ৰীৰ ইচ্ছাকৃতভাৱে এটা স্থানৰ পৰা আন এটা স্থানলৈ স্থানান্তৰ কৰা। পৰিবহণৰ পদ্ধতিসমূহৰ ভিতৰত আকাশ মাৰ্গ, স্থল (ৰেল আৰু পথ), পানী, কেবোল, পাইপলাইন, আৰু মহাকাশ আদি অন্তৰ্ভুক্ত। ক্ষেত্ৰখনক আন্তঃগাঁথনি, বাহন, আৰু পৰিচালনা আদিত ভাগ কৰিব পাৰি। পৰিবহণে মানৱ বাণিজ্যৰ সুবিধা প্ৰদান কৰে, যিটো সভ্যতাৰ বিকাশৰ বাবে অপৰিহাৰ্য।
পৰিবহণ আন্তঃগাঁথনি দুয়োটা নিৰ্দিষ্ট স্থাপনৰে গঠিত, য'ত অন্তৰ্ভুক্ত হৈছে স্থলপথ, ৰে'লপথ, বিমানপথ, জলপথ, পাইপলাইন, আৰু টাৰ্মিনেল যেনে বিমানবন্দৰ, ৰে'লৱে ষ্টেচন, বাছ ষ্টেচন, গুদাম, ট্ৰাকিং টাৰ্মিনেল, ইন্ধন ভৰোৱা ডিপো (ইন্ধন ডক আৰু ইন্ধন ষ্টেচনকে ধৰি), আৰু সাগৰীয় বন্দৰ। যাত্ৰী আৰু সামগ্ৰীৰ আদান-প্ৰদান আৰু ৰক্ষণাবেক্ষণ দুয়োটাতে টাৰ্মিনেল ব্যৱহাৰ কৰিব পাৰি।
পৰিবহণৰ মাধ্যম হ’ল মানুহ বা মাল কঢ়িয়াই নিবলৈ ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ পৰিবহণ সুবিধাৰ যিকোনো এটা। ইয়াৰ ভিতৰত বাহন, চলাচল কৰা জীৱ-জন্তু আদি থাকিব পাৰে। বাহনসমূহৰ ভিতৰত ৱেগন, অটোম’বাইল, চাইকেল, বাছ, ৰে’ল, ট্ৰাক, হেলিকপ্টাৰ, জলযান, মহাকাশযান আৰু বিমান আদি থাকিব পাৰে।