পৰমাণু
পদাৰ্থৰ মৌলিক গাঁথনি / From Wikipedia, the free encyclopedia
পৰমাণু (ইংৰাজী: Atom) হৈছে পদাৰ্থৰ মৌলিক গাঁথনি আৰু ই গধুৰ কেন্দ্ৰীয় নিউক্লিয়াছ আৰু ইয়াৰ চাৰিওফালে ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনৰ ডাৱৰেৰে গঠিত। আনহাতে নিউক্লিয়াছ হৈছে ধনাত্মক আধানযুক্ত প্ৰ’টন আৰু আধানহীন নিউট্ৰন কণিকাৰে (ব্যতিক্ৰম হৈছে হাইড্ৰ’জেন-১ পৰমাণু, যিটো নিউট্ৰন কণিকা অবিহনে একমাত্ৰ সুস্থিৰ নিউক্লিড) গঠিত। ইলেক্ট্ৰনবোৰ সাধাৰণতে বিদ্যুত-চুম্বকীয় বলৰ দ্বাৰা নিউক্লিয়াছৰ লগত বান্ধ খাই থাকে। একেদৰে পৰমাণুবোৰে আকৌ নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি একো একোটা অনু গঠন কৰে। এটা পৰমাণুত সাধাৰণতে সমসংখ্যক প্ৰ’টন আৰু ইলেক্ট্ৰন থাকে, যাৰবাবে পৰমাণুটো বৈদ্যুতিকভাৱে আধানহীন হয়। আনহাতে যদি পৰমাণু এটাত ইলেক্ট্ৰন কমকৈ থাকে (ইলেক্ট্ৰন ৰিক্ততা) তেন্তে পৰমাণু এটা ধনাত্মক আধানযুক্ত হ’ব আৰু যদিহে ইলেক্ট্ৰন বেছিকৈ থাকে (electron excess) তেন্তে পৰমাণু এটা ঋণাত্মক আধানযুক্ত হ’ব। ধন বা ঋণ আধানযুক্ত পৰমাণুবোৰক আয়ন বুলি কোৱা হয়। পৰমাণু এটাক ইয়াৰ নিউক্লিয়াছত থকা প্ৰ’টন আৰু নিউট্ৰনৰ সংখ্যাৰে শ্ৰেণীভুক্ত কৰা হয়: প্ৰ’টনৰ সংখ্যাই ৰাসায়নিক ধৰ্ম নিৰূপণ কৰে; আনহাতে নিউট্ৰন সংখ্যাই পৰমাণুৰ আইছ’ট’প নিৰ্ধাৰণ কৰে।[1]
হিলিয়াম পৰমাণু | ||||||||
---|---|---|---|---|---|---|---|---|
An illustration of the helium atom, depicting the nucleus (pink) and the electron cloud distribution (black). The nucleus (upper right) in helium-4 is in reality spherically symmetric and closely resembles the electron cloud, although for more complicated nuclei this is not always the case. The black bar is one angstrom (10−10 m or 100 pm). | ||||||||
শ্ৰেণী বিভাজন | ||||||||
| ||||||||
বৈশিষ্ট্যসমূহ | ||||||||
|
এট’ম নামটো প্ৰকৃততে আহিছে গ্ৰীকৰ ἄτομος (এট’ম’চ, "অভংগনীয়") পৰা ἀ- (a-, "নোৱাৰা") আৰু τέμνω (temnō, "ভঙা"),[2] মানে ভাঙিব নোৱাৰা, এবিধ কণিকা যিটো পুনৰ ভাঙিব পৰা নাযায়। [3] পদাৰ্থৰ এটি অভংগনীয় অৱস্থা অৰ্থাৎ পৰমাণুৰ ধাৰণাটো পোন-প্ৰথমে আগবঢ়াইছিল ভাৰতীয় আৰু গ্ৰীক দাৰ্শনিকসকলে। ১৭শ আৰু ১৮শ শতিকাত, ৰসায়নবিদসকলে এটি ধাৰণা আগবঢ়াইছিল যে পদাৰ্থৰ প্ৰাথমিক ধাৰণাৰ পৰা দেখা গৈছিল যে ৰাসায়নিক পদ্ধতিৰে কিছুমান পদাৰ্থ কণিকা পুনৰ ভাঙিব পৰা নাযায়। ১৯শ শতিকাৰ শেষভাগ আৰু ২০শ শতিকাৰ আৰম্ভণিতে, পদাৰ্থবিদসকলে অতি-পাৰমানৱিক অংশ আৰু পৰমাণুৰ ভিতৰৰ গঠন আৱিষ্কাৰ কৰে, গতিকে ’পৰমাণু’ ভংগনশীল বুলি প্ৰমাণ কৰিলে। পৰমাণুৰ ধাৰণাটো কোৱাণ্টাম বলবিদ্যাৰ সূত্ৰসমূহৰ দ্বাৰাই সফলতাৰে আৰ্হি প্ৰস্তুত কৰা হৈছে। [4][5]
পৰমাণুবোৰ হৈছে সূক্ষ্ম ভৰযুক্ত অতি ক্ষুদ্ৰ পদাৰ্থ কণিকা। বিশেষ ধৰণৰ যন্ত্ৰ যেনে স্কেনিং টানেলিং অনুৱীক্ষণ যন্ত্ৰৰ সহায়ত পৰমাণুবোৰক এককভাৱে পৰ্য্যবেক্ষণ কৰিব পাৰি। পৰমাণু এটাৰ ভৰ ৯৯.৯৪% তকৈ বেছি নিউক্লিয়াছতে কেন্দ্ৰীভূত হৈ থাকে,[note 1] কাৰণ প্ৰ’টন আৰু নিউট্ৰ’নৰ ভৰ প্ৰায় সমান হয়। প্ৰত্যেক মৌলৰে অস্থিৰ নিউক্লিয়াছযুক্ত আইছ’টপ অন্তত এটা হ’লেও আছে, আৰু যিবোৰৰ তেজষ্ক্ৰিয় বিঘটন ঘটে। যাৰ ফলস্বৰূপে ট্ৰেন্সমিউটেচন ঘটি নিউক্লিয়াছত প্ৰ’টন আৰু নিউট্ৰনৰ সংখ্যা সলনি হয়।[6] পৰমাণুৰ লগত বান্ধ খাই থকা ইলেক্ট্ৰনবোৰে কিছুমান সুস্থিৰ শক্তিস্তৰ, নাইবা অৰবিটেল অধিগ্ৰহণ কৰে, আৰু এই ইলেক্ট্ৰনবোৰে শক্তিস্তৰবোৰৰ শক্তি পাৰ্থক্যৰ সমান শক্তিৰ ফ’টন কণিকা অৱশোষণ নাইবা বিকিৰণ কৰি এই শক্তিস্তৰবোৰৰ মাজত অতিক্ৰমণ কৰে। এই ইলেক্ট্ৰনবোৰেই মৌল এটাৰ ৰাসায়নিক ধৰ্মবোৰ নিৰ্ধাৰণ কৰে, আৰু পৰমাণু এটাৰ চৌম্বিক ধৰ্ম ভালেখিনি প্ৰভাৱিত কৰে।