প্ৰাক-ইতিহাস
From Wikipedia, the free encyclopedia
প্ৰাক-ইতিহাস (ইংৰাজী: Prehistory)-ৰ অৰ্থ "ইতিহাসে ঢুকি পোৱাৰ আগৰ"। 'মূল ইংৰাজী শব্দ Prehistory (অৰ্থ: "before history", অথবা "before knowledge acquired by investigation") লেটিন ভাষাৰ præ (আগতে), and historia (ইতিহাস) শব্দৰ সংযোগত সৃষ্টি হৈছে। মানৱ ইতিহাসৰ 'নথিভুক্ত তথ্য'ৰ প্ৰচলনৰ আগৰ সময়ছোৱাকে প্ৰাক-ইতিহাসৰ অন্তৰ্ভুক্ত কৰা হয়। লিখন পদ্ধতিৰ আৱিষ্কাৰৰ পাছৰেপৰা ইতিহাসৰ সমল ৰূপে পোৱা লিখিত তথ্যকে 'নথিভুক্ত তথ্য' বোলা হৈছে। প্ৰাক-ইতিহাস যিকোনো লিখিত ইতিহাসৰ পূৰ্বৰ সময়ছোৱা।[1] বহলাই ক'বলৈ গ'লে মানৱ প্ৰজাতিৰ অস্তিত্বৰ আৰম্ভণিৰপৰা লিখন পদ্ধতিৰ আৱিষ্কাৰলৈ গোটেই সময়-কাল প্ৰাক-ইতিহাসৰ অন্তৰ্গত। ১৮৩০ চনৰ আশে-পাশে প্ৰথমে প্ৰত্নতাত্বিক পল টাৰ্নেলে প্ৰাক-ইতিহাসৰ বৰ্ণনা দিবলৈ anté-historique শব্দটো ব্যৱহাৰ কৰিছিল।[2] দক্ষিণ ফ্ৰান্সৰ গুহাত আৱিষ্কৃত কিছুমান সমলৰ বিষয়ে বৰ্ণনা দিয়াৰ সময়ত তেখেতে প্ৰথমে শব্দটোৰ ব্যৱহাৰ কৰিছিল।[3] মূল ফৰাচী শব্দৰ ভাঙনি স্বৰূপে ইংৰাজীত 'prehistoric' শব্দটো ১৮৫১ চনত প্ৰথমে ব্যৱহাৰ কৰে প্ৰত্নতাত্বিক ডেনিয়েল উইলছনে।[4][5]
'প্ৰাক-ইতিহাস' শব্দটোৱে ইতিহাসৰ আৰম্ভণি বিন্দু ব্ৰহ্মাণ্ডৰ সৃষ্টিৰপৰা সাঙুৰি লয় যদিও, ঘাইকৈ পৃথিৱীত জীৱনৰ বিকাশৰপৰাহে ইয়াৰ আলোচনা কৰা হয়। বেছিভাগ ক্ষেত্ৰত প্ৰাক-ইতিহাস বুলিলে মানৱ-সদৃশ জীৱৰ উৎপত্তিৰ আৰম্ভণিৰপৰাহে বুলি ধৰি লৈ আলোচনা কৰা হয়।[6][7] প্ৰাক-ঐতিহাসিকসকলে মানৱ প্ৰাক-ইতিহাসক 'তিনিটা যুগ পদ্ধতি'ৰে ভাগ কৰিছে, আনহাতে মানৱ-ৰ আৱিৰ্ভাৱে আগৰ সময়ছোৱাৰ শ্ৰেণীবিভাগ কৰিবলৈ 'ভূ-তাত্বিক সময় মাপ' (Geologic Time Scale) ব্যৱহাৰ কৰা হয়। মানৱ প্ৰাক-ইতিহাসক মানুহে আয়ত্ত কৰা সঁজুলি-নিৰ্মাণ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰি তিনিটা ভাগত ভগোৱা হৈছে। কালানুসৰি এই তিনিটা ভাগ হৈছে: প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ। কালনিৰ্ণিত ঘটনা হিচাপে পাব পৰা আৰু নোৱৰা তথ্য এনেকৈয়ো দুটা শ্ৰেণীত ভাগ কৰি প্ৰাক-ইতিহাসৰ আলোচনা কৰা হয়।
লিখন পদ্ধতি আৰু সঁজুলিৰ বিকাশ (ঐতিহাসিক কাল) ব্ৰঞ্জ যুগৰ বিভিন্ন সময়ত বিভিন্ন সভ্যতাত বেলেগে বেলেগে হৈছিল, বা কিছুমান সভ্যতাৰ বাবে লৌহ যুগতহে হৈছিল। ঐতিহাসিকসকলে সেয়ে সদায়ে লিখিত তথ্যৰ ওপৰতে নিৰ্ভৰ কৰি যুগ বিভাজন কৰাৰ সলনি প্ৰাকৃতিক আৰু সামাজিক অন্যান্য সাক্ষ্যকো সমানে গুৰুত্ব দিয়ে। সেয়ে প্ৰাক-ইতিহাস আৰু ইতিহাসৰ মাজৰ লক্ষ্মণ-ৰেখাডাল সুনিৰ্দিষ্ট নহয়।[8][9][10] 'গভীৰ বুৰঞ্জী'ৰ (Deep History) সমৰ্থকসকল এই মতবাদ মানি চলাৰ পক্ষপাতী।
এই প্ৰবন্ধত ঘাইকৈ মানৱ প্ৰাক-ইতিহাসৰ বিষয়ে আলোচনা কৰা হৈছে, অথবা ক'ব পাৰি দৈহিক গাঠনিত আধুনিক মানৱ সদৃশ জীৱৰ বিকাশৰপৰা লিখিত ইতিহাসৰ সমল আৰম্ভণিৰ কালছোৱাৰ কথা ইয়াৰ আলোচনা কৰা হৈছে। পৃথিৱীৰ ইতিহাস আৰু জীৱনৰ ইতিহাসৰ বিষয়ে ইয়াত আলোচনা কৰা হোৱা নাই।