প্ৰাকৃতিক উপগ্ৰহ
From Wikipedia, the free encyclopedia
এটা প্ৰাকৃতিক উপগ্ৰহ (ইংৰাজী: Natural satellite) হৈছে এক জ্যোতিৰ্বৈজ্ঞানিক বস্তু যি গ্ৰহ বা বাওনা গ্ৰহ এটাক প্ৰদক্ষিণ কৰে (বা কেতিয়াবা আন এটা সৰু সৌৰজগতৰ বস্তুৰ)। ইংৰাজীত ইয়াক মুন (moon) বুলিও কয়।
সৌৰজগতত, ২০৫টা জ্ঞাত প্ৰাকৃতিক উপগ্ৰহ থকা ছটা গ্ৰহউপগ্ৰহ প্ৰণালী আছে। আই.এ.ইউ.-তালিকাভুক্ত বাওনা গ্ৰহবোৰতো প্ৰাকৃতিক উপগ্ৰহ আছে বুলি জনা গৈছে : প্লুটো, হাউমিয়া, মেকমেক, আৰু এৰিছ।[1] ছেপ্টেম্বৰ ২০১৮ লৈকে, আন ৩৩৪টা সৰু গ্ৰহ আছে যাৰ প্ৰাকৃতিক উপগ্ৰহ আছে বুলি জনা গৈছে।[2] এটা গ্ৰহৰ ভৰ সাধাৰণতে ইয়াক প্ৰদক্ষিণ কৰা যিকোনো প্ৰাকৃতিক উপগ্ৰহৰ ভৰৰ কমেও ১০০০০ গুণ থাকে, একেদৰে ইয়াৰ ব্যাসো যথেষ্ট ডাঙৰ থাকে।[3] পৃথিৱী-চন্দ্ৰ প্ৰণালী হৈছে সৌৰজগতৰ এক অনন্য ব্যতিক্ৰম; ৩,৪৭৪ কিমি (২,১৫৮ মাইল) ব্যাসৰ চন্দ্ৰ পৃথিৱীৰ ব্যাসৰ ০.২৭৩ গুণ।[4] পৰৱৰ্তী সৰ্ববৃহৎ অনুপাত হৈছে ০.০৫৫ ত নেপচুন, ০.০৪৪ ত শনি, ০.০৩৮ ত বৃহস্পতি, আৰু ০.০৩১ ত ইউৰেনাচ। প্লেনেটইডৰ শ্ৰেণীৰ বাবে, সৌৰজগতত জনা জাত পাঁচটাৰ ভিতৰত, চাৰোনৰ অনুপাত সৰ্বাধিক, প্লুটোৰ ব্যাসৰ ০.৫২।