প্ৰফুল্ল চন্দ্ৰ ৰায়
বঙালী ৰসায়নবিদ, শিক্ষাবিদ, জাতীয়তাবাদী, উদ্যোগপতি আৰু দানবীৰ / From Wikipedia, the free encyclopedia
আচাৰ্য ছাৰ প্ৰফুল্ল চন্দ্ৰ ৰায় ( ২ আগষ্ট ১৮৬১ – ১৬ জুন ১৯৪৪)[2] এগৰাকী ভাৰতীয় ৰসায়ন বিজ্ঞানী, শিক্ষাবিদ, ইতিহাসবিদ, উদ্যোগপতি আৰু জনহিতৈষী ব্যক্তি আছিল।[2] তেওঁ ৰসায়ন বিজ্ঞানৰ প্ৰথম আধুনিক ভাৰতীয় গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিছিল। তেওঁক ভাৰতীয় ৰাসায়নিক বিজ্ঞানৰ পিতৃ বুলি গণ্য কৰা হয়।[3]
ক্ষিপ্ৰ তথ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, জন্ম ...
প্ৰফুল্ল চন্দ্ৰ ৰায় | |
---|---|
জন্ম | ২ আগষ্ট ১৮৬১ ৰাউলি-কাটিপাৰা, জেচুৰ জিলা, বংগ প্ৰেচিডেন্সী, ব্ৰিটিছ ভাৰত (বৰ্তমান খুলনা জিলা, খুলনা ডিভিজন, বাংলাদেশ) |
মৃত্যু | ১৬ জুন, ১৯৪৪ (৮২ বছৰ) কলিকতা, বংগ প্ৰেদিডেন্সী, ব্ৰিটিছ ভাৰত (বৰ্তমান ভাৰত) |
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ |
|
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান | কলিকতা বিশ্ববিদ্যালয় (বিএ) এডিনবাৰ্গ বিশ্ববিদ্যালয় (বিএছচি, ডিএছচি) |
ডক্তৰেল পৰামৰ্শদাতা | আলেকজেণ্ডাৰ ক্ৰুম ব্ৰাউন |
উল্লেখযোগ্য বিদ্যাৰ্থী | সত্যেন্দ্ৰনাথ বসু মেঘনাদ সাহা |
জনা যায় | ভাৰতীয় ৰসায়ন গৱেষণাৰ প্ৰতিষ্ঠাপক, ভাৰতীয় ৰাসায়নিক উদ্যোগৰ প্ৰতিষ্ঠাপক |
উল্লেখনীয় বঁটা |
|
স্বাক্ষৰ |
বন্ধ কৰক
যুক্তৰাজ্যৰ প্ৰতিষ্ঠিত ৰয়েল ছ'চাইটি অফ কেমিষ্ট্ৰিয়ে তেওঁৰ জীৱন আৰু কৰ্মক সন্মান জনাই প্ৰথম বাৰৰ বাবে ইউৰোপৰ বাহিৰত ৰাসায়নিক চিহ্নস্থান হিচাপে সন্মানিত কৰিছিল। তেওঁ ভাৰতৰ প্ৰথম ফাৰ্মাকিউটিকেল কোম্পানী 'বেংগল কেমিকেল এণ্ড ফাৰ্মাকিউটিকেল' প্ৰতিষ্ঠা কৰিছিল। তেওঁ 'এ হিষ্ট্ৰী অফ হিন্দু কেমিষ্ট্ৰি ফ্ৰম দা আৰ্লিয়েষ্ট টাইম্ছ টু দা মিডিল অফ ছিক্সটিন চেন্সউৰী' নামৰ ৰসায়ন বিজ্ঞানৰ ইতিহাসমূলক গ্ৰন্থ ৰচনা কৰিছিল।