পেঞ্চিল
From Wikipedia, the free encyclopedia
পেঞ্চিল (ইংৰাজী: pencil) হৈছে এটা সুৰক্ষামূলক আৱৰণৰ কেন্দ্ৰ অংশত কঠিন ৰঞ্জক পদাৰ্থ থকা লিখা বা অংকন সঁজুলি।
পেঞ্চিলে ভৌতিক ঘৰ্ষণৰ দ্বাৰা চিন সৃষ্টি কৰে। ব্যৱহাৰৰ সময়ত হাতৰ হেঁচাত কেন্দ্ৰ অংশৰ কঠিন ৰঞ্জক পদাৰ্থৰ এক পাতল আৱৰণ কাগজ বা অন্যকোনো পৃষ্ঠত আঠা লাগি ধৰে।
বেছিভাগ পেঞ্চিলৰ কেন্দ্ৰ ভাগত থকা ৰঞ্জক পদাৰ্থবিধ মাটিৰ বাইণ্ডাৰৰ সৈতে মিহলি কৰা গ্ৰেফাইট গুড়িৰে তৈয়াৰ কৰা হয়। গ্ৰেফাইট পেঞ্চিল (পৰম্পৰাগতভাৱে "লিড পেঞ্চিল" বুলি জনা যায়) ধূসৰ বা ক'লা চিন উৎপন্ন কৰে যিবোৰ সহজে মচি পেলাব পাৰি। আন কিছুমান বিশেষ প্ৰকাৰৰ পেঞ্চিলৰ কেন্দ্ৰভাগত মূলতঃ অংকন আৰু স্কেচিঙৰ বাবে কয়লা ব্যৱহাৰ কৰা হয়। ৰঙীন পেঞ্চিলবোৰ ৰং কৰাৰ কামত ব্যৱহাৰ কৰা হয়। গ্ৰীজ পেঞ্চিলৰ কোমল, তেলীয়া ৰঞ্জক পদাৰ্থ থাকে যিয়ে কাঁচ বা চীনামাটিৰ দৰে মসৃণ পৃষ্ঠত চিন সৃষ্টি কৰিব পাৰে।
পেঞ্চিলৰ আৱৰণ হিচাপে ব্যৱহাৰহোৱা আটাইতকৈ সাধাৰণ পাতল কাঠ, সাধাৰণতে ষড়ভুজৰ দৰে অংশটো কেতিয়াবা নলাকাৰ বা ত্ৰিকোণীয় আৰু ই মূলৰ লগত স্থায়ীভাৱে সংযুক্ত। এই আৱৰণত কাঠ উপৰি অন্য সামগ্ৰীৰো ব্যৱহাৰ হ’ব পাৰে, যেনে প্লাষ্টিক বা কাগজ। পেঞ্চিল ব্যৱহাৰ কৰিবলৈ চোকা ব্লেড বা তেনে সঁজুলিৰ সহায়ত কাঠৰ অংশ বা খোলাটো সামান্য কাটি পেলাব লাগে যাতে কেন্দ্ৰৰ ৰঞ্জক পদাৰ্থৰ অংশটোৰ মূৰটো চোকা বিন্দু হিচাপে উন্মোচিত হয়।