পুথিভঁৰাল
From Wikipedia, the free encyclopedia
পুথিভঁৰাল (ইংৰাজী: Library) হৈছে এনে এক অনুষ্ঠান বা প্ৰতিষ্ঠান য'ত জ্ঞান-বিজ্ঞান, বুৰঞ্জী, দৰ্শন, সাহিত্য, কলা, গল্প-উপন্যাস, জীৱনী আদি নানা তৰহৰ ন-পুৰণি পুথি আৰু আলোচনী, বাতৰি কাকত আদি পঢ়াৰ কাৰণে সংগ্ৰহ আৰু সংৰক্ষণ কৰি ৰখা হয়। পুথিভঁৰালক গ্ৰন্থাগাৰো বোলা হয়। পুথি য'ত ভৰাই মজুত কৰি ৰখা হয়, সেয়ে পুথিভঁৰাল আৰু গ্ৰন্থসমূহ সংগ্ৰহ কৰি যি আগাৰ বা গৃহত ৰখা হয়, সেয়ে গ্ৰন্থাগাৰ। গ্ৰন্থাগাৰৰ ইংৰাজী প্ৰতিশব্দ ’Library’ৰ উৎপত্তি হৈছে লেটিন শব্দ 'Liber' ৰ পৰা৷[1] সাধাৰণতে দুই ধৰণৰ - ব্যক্তিগত ‘ঘৰুৱা পুথিভঁৰাল আৰু ৰাজহুৱা পুথিভঁৰাল। পণ্ডিত, বিদ্যানুৰাগী আৰু অধ্যয়নপ্ৰিয় মানুহবোৰে নিজৰ অভীৰুচি মতে নিজক লগা পুথি-পাঁজি, আলোচনী, বাতৰি কাকত আদি সংগ্ৰহ কৰি ৰাখে। এয়াই হ’ল ঘৰুৱা পুথিভঁৰাল। এই পুথিভঁৰালৰ সুযোগ সকলোৱে নাপায় আৰু ইয়াত সকলো ধৰণৰ পুথিও নাথাকে। ৰাজহুৱা পুথিভঁৰালসমূহত সকলো বিধৰ পুথি ৰখা হয় আৰু সকলোৰে কাৰণে ইয়াৰ দুৱাৰ মুকলি থাকে। আমাৰ স্কুল-কলেজ আৰু বিশ্ববিদ্যালয়বোৰত একোটা পুথিভঁৰাল আছে। ইয়াৰ সুযোগ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে ল’ব পাৰে। ইয়াৰ উপৰিও ন্যায়ালয়, সচিবালয়, বিধানসভা আদিৰ নিচিনা চৰকাৰী অনুষ্ঠানসমূহৰে নিজা নিজা পুথিভঁৰাল আছে। ৰাজহুৱা পুথি ভঁৰালবোৰৰ কিছুমান চৰকাৰদ্বাৰা সম্পূৰ্ণৰূপে পৰিচালিত, কিছুমান ৰাইজৰদ্বাৰা চৰকাৰী সাহায্যত পৰিচালিত আৰু কিছুমান সম্পূৰ্ণভাৱে ৰাইজৰ দ্বাৰা স্থাপিত আৰু পৰিচালিত। স্কুল-কলেজৰ পুথিভঁৰালবোৰ ছাত্ৰৰ মাচুল আৰু চৰকাৰী সাহায্যৰদ্বাৰাই স্থাপিত আৰু স্কুল-কলেজ কৰ্তৃপক্ষ বা ছাত্ৰ-সভাৰ দ্বাৰাই পৰিচালিত হয়। চলন্ত পুথিভঁৰাল বুলি আৰু এবিধ পুথিভঁৰালো আছে। জনসাধাৰণৰ মাজত শিক্ষা প্ৰচাৰৰ কাৰণে আৰু অধ্যয়নৰ অনুৰাগ জন্মাবৰ বাবে চৰকাৰৰদ্বাৰা ইয়াৰ পৰিচালনা কৰা হয়।
পুথিভঁৰালৰ ইতিহাস নথিপত্ৰৰ সংগ্ৰহ সংগঠিত কৰাৰ প্ৰথম প্ৰচেষ্টাৰে আৰম্ভ হৈছিল। [2] [3]