পি. ভানুমতী
ভাৰতীয় কণ্ঠশিল্পী / From Wikipedia, the free encyclopedia
পি ভানুমতী ৰামকৃষ্ণ (ইংৰাজী: P. Bhanumathi Ramakrishna;৭ ছেপ্টেম্বৰ ১৯২৫ – ২৪ ডিচেম্বৰ ২০০৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, কণ্ঠশিল্পী, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সংগীত পৰিচালক আৰু ঔপন্যাসিক। তেওঁক তেলেগু চলচ্চিত্ৰৰ প্ৰথম মহিলা ছুপাৰ ষ্টাৰ হিচাপে গণ্য কৰা হয়।[1] তেওঁক তেলেগু চলচ্চিত্ৰৰ প্ৰথম মহিলা পৰিচালক হিচাপেও গণ্য কৰা হয়।[2] ভানুমতীয়ে মূলতঃ তেলেগু আৰু তামিল ভাষাৰ ১০০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০১ চনত তেওঁলৈ পদ্মভূষণ আগবঢ়োৱা হয়।[3] ভাৰতৰ ৩০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৱুমেন ইন চিনেমা সন্মানেৰে তেওঁক সন্মানিত কৰা হৈছিল।[4]
ক্ষিপ্ৰ তথ্য পি. ভানুমতী, জন্ম ...
পি. ভানুমতী | |
---|---|
ভানুমতীৰ স্মৃতিত প্ৰকাশ কৰা ভাৰতীয় ডাক টিকট, ২০১৩ | |
জন্ম | ০৭ ছেপ্টেম্বৰ, ১৯২৫ দোদ্দাভৰম, মাদ্ৰাছ প্ৰেছিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান অন্ধ্ৰপ্ৰদেশ, ভাৰত) |
মৃত্যু | ২৪ ডিচেম্বৰ, ২০০৫ (৮০ বছৰ) চেন্নাই, তামিলনাডু, ভাৰত |
পেচা | অভিনেত্ৰী, কণ্ঠশিল্পী,লেখক, সংগীত পৰিচালক, প্ৰযোজক, ষ্টুডিঅ’ৰ গৰাকী |
দাম্পত্যসঙ্গী | পি. এছ. ৰামকৃষ্ণ ৰাও |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মভূষণ (২০০১) পদ্মশ্ৰী (১৯৬৬) |
বন্ধ কৰক