নৱপ্ৰস্তৰ যুগ
From Wikipedia, the free encyclopedia
নৱপ্ৰস্তৰ যুগ বা নব্য প্ৰস্তৰ যুগ (ইংৰাজী: Neolithic) হৈছে প্ৰস্তৰ যুগৰ শেষৰছোৱা কাল। এই কালছোৱা আজিৰ পৰা প্ৰায় ১২,০০০ বছৰ পূৰ্বেই আৰম্ভ হৈছিল। নৱপ্ৰস্তৰ যুগতেই মানুহে সমীপৱৰ্তী প্ৰাচ্যত কৃষিকাৰ্য কৰিবলৈ শিকিছিল আৰু এয়া পিছলৈ ক্ৰমান্বয়ে সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। প্ৰায় ৪,৫০০ খ্ৰীষ্টপূৰ্বত ধাতুৰ প্ৰচলন ঘটি তাম্ৰ যুগৰ আৰম্ভণি ঘটালৈকে এই কালছোৱা বিস্তৃত। উত্তৰ ইউৰোপত ১৭০০ খ্ৰীষ্টপূৰ্বলৈকে আৰু চীনত ১২০০ খ্ৰীষ্টপূৰ্বলৈকে বাহাল আছিল। আমেৰিকা আৰু ওচেনিয়াকে ধৰি বিশ্বৰ অন্যান্য প্ৰান্তত ইউৰোপীয়ানসকলৰ সংস্পৰ্শলৈ নহালৈকে অৰ্থাৎ আৱিষ্কাৰৰ যুগটোলৈকে নৱ প্ৰস্তৰ যুগৰ জীৱনশৈলী অব্যাহত থাকে। [1] নৱপ্ৰস্তৰ কালছোৱাত স্বভাৱজাত আৰু সাংস্কৃতিক বৈশিষ্ট্য তথা পৰিৱৰ্তন পৰিলক্ষিত হয়। ইয়াৰে ভিতৰত শস্য আৰু পশুৰ ঘৰচীয়াকৰণো অন্তৰ্ভুক্ত।
ক্ষিপ্ৰ তথ্য সময়সীমা, তাৰিখ ...
নৱপ্ৰস্তৰ যুগত মানুহৰ স্থায়ী বাসগৃহৰ লগতে কৃষিৰ আৰম্ভণিও ঘটিছিল। তুৰ্কীত পুনৰ্নিৰ্মাণ কৰা নৱপ্ৰস্তৰ যুগৰ বাসগৃহ। | |
সময়সীমা | প্ৰস্তৰ যুগৰ অন্তিম কাল |
---|---|
তাৰিখ | খ্ৰীষ্টপূৰ্ব ১০,০০০–৪,৫০০ |
পূৰ্বৱৰ্ত্তী সভ্যতা | প্ৰত্ন প্ৰস্তৰ যুগ, মধ্য প্ৰস্তৰ যুগ |
পৰৱৰ্ত্তী সভ্যতা | তাম্ৰ যুগ |
বন্ধ কৰক