নৌশাদ
From Wikipedia, the free encyclopedia
নৌশাদ আলী ((ইংৰাজী: Naushad Ali ; ২৫ ডিচেম্বৰ ১৯১৯ – ৫ মে' ২০০৬) হিন্দী চলচ্চিত্ৰৰ এজন সুৰকাৰ আছিল।[1][2][3] তেওঁক হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু অগ্ৰণী সংগীত পৰিচালক হিচাপে গণ্য কৰা হয়।[4] তেওঁ চলচ্চিত্ৰত শাস্ত্ৰীয় সংগীতক জনপ্ৰিয় কৰাৰ বাবে বহুতভাবে পৰিচিত।[5][6]
ক্ষিপ্ৰ তথ্য নৌশাদ আলি, প্ৰাথমিক তথ্য ...
নৌশাদ আলি | |
---|---|
২০০৫ চনত নৌশাদ আলি | |
প্ৰাথমিক তথ্য | |
জন্ম | ২৫ ডিচেম্বৰ, ১৯১৯ লক্ষ্ণৌ, আগ্ৰা আৰু অৱধ সংযুক্ত প্ৰদেশ, বৃটিছ ভাৰত (বৰ্তমানৰ উত্তৰ প্ৰদেশ) |
মৃত্যু | ০৫ মে', ২০০৬ (৮৬ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
সংগীতৰ প্ৰকাৰ | হিন্দুস্তানী শাস্ত্ৰীয় সংগীত•ফিল্মী সংগীত |
পেচা | সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক, লেখক, কবি |
কাৰ্যকাল | ১৯৪০-২০০৫ |
সহযোগী | লতা মংগেশকাৰ, পি সুশীলা, আশা ভোছলে, মহম্মদ ৰফী, মুকেশ, শমশাদ বেগম, যেচুদাস, এচ পি বালসুব্ৰনিয়াম, চাকিল বাদাউনি, মজৰুহ চুলতানপুৰী, ডি এন মাধোক |
বন্ধ কৰক
স্বতন্ত্ৰ সংগীত পৰিচালক হিচাপে তেওঁৰ প্ৰথমখন ছবি আছিল ১৯৪০ চনত মুক্তি পোৱা প্ৰেম নগৰ।[7] সংগীতৰ ক্ষেত্ৰত তেওঁৰ প্ৰথমখন সফল ছবি আছিল ৰত্ন (১৯৪৪); তাৰ পিছত তেওঁ সংগীত দিয়া ৩৫খন ছবিয়ে ৰূপালী জয়ন্তী , ১২খন ছবিয়ে সোণালী জয়ন্তী আৰু ৩খন ছবিয়ে হীৰক জয়ন্তী পালন কৰিবলৈ সক্ষম হৈছিল। হিন্দী চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে নৌশাদক ১৯৮১ চনত দাদা চাহেব ফাল্কে বঁটা আৰু ১৯৯২ চনত পদ্মভূষণ প্ৰদান কৰা হৈছিল।[8]