নিৰ্বাক চলচ্চিত্ৰ
From Wikipedia, the free encyclopedia
নিৰ্বাক চলচ্চিত্ৰ (ইংৰাজী: Silent Film) হ’ল এনে চলচ্চিত্ৰ য’ত কোনো সুসংগত বাণীবদ্ধ শব্দ নাই (বা অতি সাধাৰণভাৱে ক’বলৈ গ’লে কোনো শ্ৰৱণযোগ্য সংলাপ নাই)। যদিও নিৰ্বাক চলচ্চিত্ৰই আখ্যান আৰু আৱেগক দৃশ্যগতভাৱে প্ৰকাশ কৰে, তথাপিও কাহিনীভাগৰ বিভিন্ন উপাদান, যেনে চেটিং বা যুগ বা সংলাপৰ মূল শাৰীবোৰ প্ৰয়োজন সাপেক্ষে টাইটেল কাৰ্ড ব্যৱহাৰ কৰি প্ৰকাশ কৰিব পাৰি।
"নিৰ্বাক চলচ্চিত্ৰ" শব্দটো কিবা এটা ভুল নাম বুলিব পাৰি, কিয়নো এই চলচ্চিত্ৰবোৰৰ সৈতে প্ৰায়ে জীৱন্ত শব্দ সংলগ্ন হৈ আছিল। ১৮৯০ চনৰ মাজভাগৰ পৰা ১৯২০ চনৰ শেষলৈকে নিৰ্বাক যুগত এজন পিয়ানো বা অৰ্গেন বাদকে আৰু বৃহৎ চহৰবোৰত এটা সৰু বাদকৰ দলে ছবি চলি থকা অৱস্থাত পূৰ্ব নিৰ্ধাৰিত ন’টেচন অনুসৰি যন্ত্ৰসংগীত পৰিবেশন কৰিছিল। আনকি দৰ্শকৰ যাতে কাহিনীভাগ সহজে বোধগম্য হয়, কেতিয়াবা এজন ব্যক্তিয়ে ইণ্টাৰ-টাইটেল কাৰ্ডবোৰ পঢ়ি গৈছিল। যদিও সেই সময়ত চলচ্চিত্ৰৰ সৈতে শব্দৰ সমন্বয়ৰ প্ৰযুক্তিৰ অস্তিত্ব নাছিল, তথাপিও সংগীতক দৰ্শন-অভিজ্ঞতাৰ এক অপৰিহাৰ্য অংশ হিচাপে গণ্য কৰা হৈছিল। "নিৰ্বাক চলচ্চিত্ৰ"ক সাধাৰণতে সুসংগত শব্দ আৱিষ্কাৰৰ পূৰ্বে চলচ্চিত্ৰৰ এটা যুগক বৰ্ণনা কৰিবলৈ ঐতিহাসিক শব্দ হিচাপে ব্যৱহাৰ কৰা হয় যদিও ই কিন্তু চিটি লাইটছ, চাইলেণ্ট মুভী আৰু দ্য আৰ্টিষ্টৰ দৰে সবাক যুগৰ ছবিৰ ক্ষেত্ৰতো প্ৰযোজ্য, যিকেইখন ছবিত সংলাপৰ ঠাইত কেৱল সংগীতৰ চাউণ্ডট্ৰেকহে সংলগ্ন হৈ আছিল।