নিকটদৃষ্টি
From Wikipedia, the free encyclopedia
নিকটদৃষ্টি (ইংৰাজী: Myopia) চকুৰ দৃষ্টিশক্তিৰ এনে এক ত্ৰুটি য'ত দৃষ্টি ৰেখাৰ সমান্তৰাল ভাৱে আঁতৰৰ কোনো উৎসৰ পৰা অহা পোহৰ চকুৰ পৰ্দা (ৰেটিনা)ৰ সলনি পৰ্দাৰ সন্মুখত আপাতিত হয়। তাৰ ফলত আঁতৰৰ উৎসটো স্পষ্টকৈ দেখা পোৱা নাযায়। নিকটদৃষ্টিত আক্ৰান্ত লোকে সাধাৰণতে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায় ।
নিকটদৃষ্টি | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
আই.চি.ডি.-10 | H52.1 |
আই.চি.ডি.-9 | 367.1 |
ডিজিজেছ ডে'টাবে'ছ | 8729 |
মেডলাইন প্লাছ | 001023 |
MeSH | D009216 |
চকু চিকিৎসকসকলে চশমা বা কন্টেক্ট লেন্সৰ সহায়ত নিকটদৃষ্টি শুধৰায়। প্ৰতিসাৰক শল্য চিকিৎসাৰেও নিকটদৃষ্টি ঠিক কৰিব পাৰি কিন্তু ইয়াৰ কিছুমান কু-প্ৰভাৱ থাকিব পাৰে। শুধৰণি কৰা লেন্সৰ প্ৰতিসাৰক ক্ষমতা ঋণাত্মক (অৱতল লেন্স) যাতে ই মায়'পিক চকুৰ অতিমাত্ৰা ধনাত্মক ডায়'প্টাৰৰ মোকাবিলা কৰিব পাৰে। ঋণাত্মক ডায়'প্টাৰ নিকটদৃষ্টিৰ মাত্ৰা বুজাবলৈকো উল্লেখ কৰা হয় কাৰণ লেন্সৰ এই নিৰ্দিষ্ট ক্ষমতাইহে অৱস্থাটোৰ শুধৰণি কৰে। উচ্চ মাত্ৰাৰ নিকটদৃষ্টি বুলিলে -৬ ডায়'প্টাৰ বা তাতকৈ বেয়া অৱস্থাক বুজায়।[1]
নিকটদৃষ্টিৰ প্ৰতিৰূপ অৱস্থাক "দূৰদৃষ্টি" বোলে।