নিক'লা টেছলা
আমেৰিকান উদ্ভাৱক / From Wikipedia, the free encyclopedia
নিক'লা টেছলা (ইংৰাজী: Nikola Tesla) (১০ জুলাই, ১৮৫৬ – ৭ জানুৱাৰী, ১৯৪৩) আছিল এজন ছাৰ্বিয়ান-আমেৰিকান উদ্ভাৱক, বৈদ্যুতিক অভিযন্তা, যান্ত্ৰিক অভিযন্তা আৰু ভৱিষ্যৎদ্ৰষ্টা।[1] বৈদ্যুতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে নিক'লা টেছলাক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়।[2] পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা চালিত অধিকাংশ যন্ত্ৰৰে মূল চালিকা শক্তি ঘূৰ্ণীয়মান চুম্বকীয় ক্ষেত্ৰ (Rotating Magnetic Field) আৱিষ্কাৰ কৰিছিল নিক'লা টেছলাই। বিদ্যুৎ পৰিৱহণৰ তিনিতৰপীয়া প্ৰণালীটোৰো (Three Phase System) মূল্যৱান বিকাশ সাধন কৰিছিল নিক'লা টেছলাই। ১৮৮৪ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে আৰু পৰিৱৰ্তী প্ৰৱাহচালিত ডাইনাম', ট্ৰেন্সফৰ্মাৰ আৰু মটৰৰ পেটেণ্টৰ স্বত্বসমূহ জৰ্জ ৱেষ্টিংহাউছক বিক্ৰী কৰে। ১৮৯১ চনত তেওঁ টেছলা কুণ্ডলী আৱিষ্কাৰ কৰে, যি কুণ্ডলী ৰেডিঅ' প্ৰযুক্তিত ব্যাপক ৰূপত ব্যৱহৃত হৈছিল।[3]
নিক'লা টেছলা | |
---|---|
নিক'লা টেছলা | |
জন্ম | ১০ জুলাই, ১৮৫৬ স্মিলিজান, অষ্ট্ৰিয়ান সাম্ৰাজ্য, এতিয়াৰ ক্ৰয়েছিয়া |
মৃত্যু | ৭ জানুৱাৰী, ১৯৪৩ (৮৬ বছৰ) নিউয়ৰ্ক মহানগৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ |
বাসস্থান | অষ্ট্ৰিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
নাগৰিকত্ব |
|
ক্ষেত্ৰ | বৈদ্যুতিক অভিযান্ত্ৰিকী যান্তিক অভিযান্ত্ৰিকী |
জনা যায় |
|
দাম্পত্যসঙ্গী | অবিবাহিত |
স্বাক্ষৰ |
পৃথিৱী পোহৰাই তোলা এই জিনিয়াছজনক এতিয়া টেছলা নামৰ এটা এককৰ জৰিয়তে স্মৰণ কৰা হয়। টেছলা হৈছে চুম্বকীয় অভিৱাহ ঘনত্ব (Magnetic Flux Density) ৰ একক।[4] তেওঁৰ নামটোৰে কেইবাটাও পথ নামকৰণ কৰা হৈছে, মূৰ্তি স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে, তেওঁৰ নামেৰে এটা বঁটাও প্ৰৱৰ্তন কৰা হৈছে। অথচ জীয়াই থকা সময়ছোৱাত টেছলাৰ কৰ্মৰাজিয়ে ইমান সমাদৰ লাভ কৰা নাছিল। উদ্ভাৱক হিচাপে টেছলাৰ জীৱন আৰম্ভ হৈছিল ২৬ বছৰ বয়সত। সেইসময়ত তেওঁ বুডাপেষ্টৰ কেন্দ্ৰীয় টেলিগ্ৰাফ কাৰ্যালয়ত কৰ্মৰত আছিল। সেইসময়তে তেওঁ ঘূৰ্ণীয়মান চুম্বকীয় ক্ষেত্ৰৰ এটা আৰ্হি অংকন কৰিছিল। আৰু আৰ্হিৰ সেই ধাৰণাটোৱেই আজিকোপতি বহুতো বিদ্যুৎ-চুম্বকীয় যন্ত্ৰত ব্যৱহৃত হৈ আছে।
সাধাৰণতে কোৱা হয় যে, টেছলাৰ বৈজ্ঞানিক প্ৰতিভা যিমান প্ৰখৰ আছিল, সিমানেই ভোটা আছিল তেওঁৰ ব্যৱসায়িক দক্ষতা। নিজৰ ধাৰণা তথা আৰ্হিবোৰক তেওঁ ব্যৱসায়িক দৃষ্টিৰে চোৱাত ব্যৰ্থ হৈছিল। আনহাতে বিজুলী বাতিৰ আৱিষ্কাৰক টমাছ আলভা এডিচন উদ্ভাৱকৰ উপৰিও এজন বুধিয়ক ব্যৱসায়ী আছিল যাৰ লগত টেছলাৰ সঘন বাদানুবাদ হৈছিল। স্বাভাৱিকতেই এই দুজন চমৎকাৰী প্ৰতিভাৰ মাজত এক বৌদ্ধিক যুদ্ধৰ সূচনা হৈছিল আৰু এটা সময়ত টেছলাই এডিছনৰ সংগ পৰিত্যাগ কৰিছিল।[5]