নাৰীবাদ
নাৰীৰ সমতা আৰু স্বাধীনতাত বিশ্বাস কৰা এক দৰ্শন / From Wikipedia, the free encyclopedia
নাৰীবাদ (ইংৰাজী: feminism) বিংশ শতাব্দীত উদ্ভূত এটি দৰ্শন যি সভ্যতাৰ মানুহ হিচাপে পুৰুষৰ তুলনাত সকলো ক্ষেত্ৰতে নাৰীৰ সমতা আৰু স্বাধীনতাত বিশ্বাস কৰে। নাৰীবাদ সমাজত নাৰীৰ সমতা অৰ্জন, বিশেষকৈ পুৰুষৰ সমান অধিকাৰ আদায়ৰ যৌক্তিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নাৰীবাদে দাবী কৰে: নাৰী পুৰুষৰ সমান সক্ষমেই নহয় সামাজিক অৱদানৰ ক্ষেত্ৰতো পুৰুষতকৈ কম নহয়। নাৰীবাদ লিংগ অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ বিষয়। নাৰীবাদ হৈছে পুৰুষৰ সমানে ৰাজনৈতিক, আইন, অৰ্থনৈতিক আৰু অন্যান্য অধিকাৰসমূহৰ ক্ষেত্ৰত সফলতা অৰ্জনৰ জৰিয়তে মহিলাৰ স্থান/মৰ্যাদা অগ্ৰগামী কৰাৰ এক তত্ত্ব বা আন্দোলন।[1]
বেলহুক'চ ৰ মতে নাৰীবাদ হৈছে যৌন শোষণ আৰু যৌন পীড়ন অৱসান ঘটোৱাৰ এক আন্দোলন।