নাথু-লা গিৰিপথ
From Wikipedia, the free encyclopedia
নাথু-লা পাছ ভাৰতৰ ছিক্কিম আৰু তিব্বতৰ সীমান্তবৰ্তী ঐতিহাসিক গিৰিপথ। হিমালয়ৰ ১৪,৪০০ ফুট উচ্চতাত অৱস্থিত এই গিৰিপথ বিশ্বৰ উচ্চতম গিৰিপথবোৰৰ অন্যতম। ১৯০৩ চনত ইয়ং হাজবেণ্ড নামৰ সামৰিক বিষয়া এজনে তিব্বতৰ লাছালৈ এটা অভিযান চলোৱাৰ সময়ত এই গিৰিপথটো আৱিষ্কাৰ কৰে। তেতিয়াৰপৰা এই পথেদি তিব্বতৰ লগত ভাৰতৰ ব্যৱসায়-বাণিজ্য চলিছিল। [1]
ক্ষিপ্ৰ তথ্য নাথু লা গিৰিপথ, উচ্চতা ...
নাথু লা গিৰিপথ | |
---|---|
উচ্চতা | ৪,৩১০ মিটাৰ (১৪,৪০০ ফুট) |
পাৰ কৰে | ৰেশম পথ |
অৱস্থান | ভাৰত (ছিক্কিম) – চীন (তিব্বত) |
পৰ্বতমালা | হিমালয় |
স্থানাঙ্ক | 27.386448°N 88.831190°E / 27.386448; 88.831190 |
বন্ধ কৰক
১৯৬২ চনৰ ২০ অক্টোবৰত চীনে ভাৰত আক্ৰমণ কৰাৰ সময়ত নাথু-লা পাছ বন্ধ হৈ যায়। সুদীৰ্ঘ ৪৪ বছৰ বন্ধ হৈ থকাৰ পাছত গিৰিপথটো পুনৰ মুকলি কৰি দিয়া হয়। ২০০৩ চনত ভাৰত আৰু চীনৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। তাৰ পাছত কেৱল পৰ্যটকৰ বাবে নাথু-লা পাছ মুকলি কৰি দিয়া হয়। ইয়াৰ পাছত ২০০৬ চনৰ ৬ জুলাইৰপৰা ব্যৱসায়-বাণিজ্যৰ বাবেও পথটো মুকলি কৰি দিয়া হয়।[1]