নাট্য শাস্ত্ৰ
পৰিৱেশ্য কলাৰ বিষয়ে সংস্কৃত ভাষাত ৰচিত এক নিৱন্ধ পুথি / From Wikipedia, the free encyclopedia
নাট্য শাস্ত্ৰ (হিন্দী: नाट्य शास्त्र) পৰিৱেশ্য কলাৰ বিষয়ে সংস্কৃত ভাষাত ৰচিত এক নিৱন্ধ পুথি।[1][2] ভৰত মুনিক এই পুথিৰ ৰচনাৰ কৃতিত্ব দিয়া হয়। পুথিখনৰ প্ৰথমটো সম্পূৰ্ণ সংকলন আনুমানিক খ্ৰীষ্টপূৰ্ব ২০০-ৰ পৰা ২০০ চনৰ ভিতৰত কৰা হৈছিল। [3][4] অৱশ্যে কিছুসংখ্যক পণ্ডিতৰ মতে ইয়াৰ ৰচনাকাল খ্ৰীষ্টপূৰ্ব ৫০০-ৰ পৰা ৫০০ চনৰ ভিতৰত।[5]
নাট্য শাস্ত্ৰ | |
---|---|
নৃত্যৰ দেৱতা ৰূপে শিৱ | |
তথ্য | |
ধৰ্ম | হিন্দুধৰ্ম |
ৰচয়িতা | ভৰত মুনি |
ভাষা | সংস্কৃত |
এই গ্ৰন্থখনত মুঠ পৰিৱেশ্য কলাৰ বিষয়ে ৬,০০০টা কাব্যিক শ্লোকৰ লগতে সৰ্বমুঠ ৩৬টা অধ্যায় আছে। গ্ৰন্থখনে নাটকীয় ৰচনা, নাটকৰ সজ্জা, নাটকৰ আয়োজনৰ বাবে মঞ্চৰ নিৰ্মাণ, অভিনয়ৰ ভাগ, অংগ সঞ্চালন, ৰূপ-সজ্জা আৰু বেশ-ভূষা, কলা নিৰ্দেশকৰ ভূমিকা আৰু দায়িত্ব, সাংগীতিক মাত্ৰা, বাদ্যযন্ত্ৰ আৰু কলা প্ৰদৰ্শনৰ সৈতে সংগীতৰ ঐকতানৰ বিষয়ক সামৰি লৈছে।[6][7]
নাট্য শাস্ত্ৰ মূলতঃ এক পৌৰাণিক বিশ্বকোষীয় নিৱন্ধমালা হিচাপে উল্লেখনীয়।[2][8] এই গ্ৰন্থখনে ভাৰতৰ নৃত্য, সংগীত আৰু সাহিত্যৰ পৰম্পৰাক প্ৰভাৱিত কৰিছে। [9] সৌন্দৰ্যবোধ বিষয়ক ৰাসৰ ধাৰণাৰ বাবেও নাট্য শাস্ত্ৰ উল্লেখনীয়। এই ধাৰণাৰ মতে বিনোদন কলা প্ৰদৰ্শনৰ এক অন্যতম উদ্দেশ্য যদিও ই প্ৰধান উদ্দেশ্য নহয়। ইয়াৰ প্ৰাথমিক উদ্দেশ্য হৈছে দৰ্শকক আধ্যাত্মিক আৰু নৈতিক প্ৰশ্নৰে ভৰা আত্মোপলব্ধিৰ এক সমান্তৰাল বিশ্বলৈ লৈ যোৱাটোহে।[8][10] এই গ্ৰন্থৰ দ্বাৰা পৰৱৰ্তী সময়ত দশম শতিকাত অভিনৱগুপ্তই ৰচনা কৰা অভিনৱভাৰতী আদি গ্ৰন্থ অনুপ্ৰাণিত হয়।[11]