নন্-বাইনেৰী
পুৰুষ বা মহিলাৰ বাহিৰে আন লিংগ পৰিচয় / From Wikipedia, the free encyclopedia
নন্-বাইনেৰী (ইংৰাজী: Non-binary) আৰু জেণ্ডাৰকুইয়াৰ (ইংৰাজী: Genderqueer) হৈছে লিংগ পৰিচয়ৰ বাবে ব্যৱহৃত এটা আমব্ৰেলা টাৰ্ম অৰ্থাৎ শব্দ। যিসকলে নিজক কেৱল পুৰুষ বা মহিলা হিচাপে পৰিচয় নিদি, লিংগ বাইনেৰীৰ বাহিৰত থকা বুলি পৰিচয় দিয়ে।[1] নন্-বাইনেৰী পৰিচয়সমূহ ৰূপান্তৰকামিতাৰ ভাগটোৰ অধীনত পৰে, কিয়নো নন্-বাইনেৰী লোকসকলে সাধাৰণতে তেওঁলোকৰ নিৰ্ধাৰিত লিংগৰ পৰা পৃথক লিংগৰ সৈতে চিনাক্তকৰণ কৰে, যদিও কিছুমান নন্-বাইনেৰী লোকে নিজকে ৰূপান্তৰকামি বুলি নাভাবে।[2]
নন্-বাইনেৰী লোকসকলে মধ্যৱৰ্তী বা পৃথক তৃতীয় লিংগ হিচাপে চিনাক্ত কৰিব পাৰে,[3] এটাতকৈ অধিক লিংগৰ সৈতে চিনাক্ত কৰিব পাৰে,[4] কোনো লিংগৰ পৰিচয়ত আৱদ্ধ নাৰাখিব পাৰে।[5] লিংগ পৰিচয় যৌন বা ৰোমাণ্টিক অভিমুখিতাৰ পৰা পৃথক:[6] নন্-বাইনেৰী লোকৰ যৌন অভিমুখিতা বিভিন্ন।[7] নন্-বাইনেৰী হোৱাটো আৰু আন্তঃলিংগ হোৱাটোও একে নহয়; বেছিভাগ আন্তঃলিংগ লোকে পুৰুষ বা মহিলা বুলি চিনাক্ত কৰে।[7]
গোট হিচাপে অদ্বিত্বীয় লোকসকলৰ লিংগ প্ৰকাশৰ ভিন্নতা থাকে আৰু কিছুমানে লিংগ পৰিচয়ক সম্পূৰ্ণৰূপে নাকচ কৰিব পাৰে। কিছুমান নন্-বাইনেৰী লোকক লিংগ ডিছফ'ৰিয়াৰ চিকিৎসা অস্ত্ৰোপচাৰ বা হৰম'নৰ দ্বাৰা চিকিৎসা কৰা হয়, যিদৰে ট্ৰান্স পুৰুষ আৰু ট্ৰান্স মহিলা সকলৰ প্ৰায়ে কৰা হয়।[8]