দ্য টাইমছ অৱ ইণ্ডিয়া
ভাৰতীয় ইংৰাজী ভাষাৰ দৈনিক বাতৰি কাকত / From Wikipedia, the free encyclopedia
দ্য টাইমছ অৱ ইণ্ডিয়া (ইয়াৰ সংক্ষিপ্ত ৰূপ টয়/TOI নামেৰেও জনাজাত) হৈছে দ্য টাইমছ গ্ৰুপৰ মালিকানাধীন আৰু পৰিচালিত ইংৰাজী ভাষাৰ এখন ভাৰতীয় দৈনিক বাতৰি কাকত আৰু ডিজিটেল সংবাদ পত্ৰ। প্ৰচলনৰ হিচাপত ই ভাৰতৰ তৃতীয় বৃহত্তম কাকত আৰু বিশ্বৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা ইংৰাজী ভাষাৰ দৈনিক কাকত।[1][2][3][4][5][6] ই ভাৰতৰ আটাইতকৈ পুৰণি ইংৰাজী ভাষাৰ কাকত, আৰু এতিয়াও প্ৰচলিত দ্বিতীয় পুৰণি ভাৰতীয় কাকত। ইয়াৰ প্ৰথম সংস্কৰণ ১৮৩৮ চনত প্ৰকাশ পাইছিল।[7] ইয়াক "বৰি বন্দৰৰ বৃদ্ধ ভদ্ৰমহিলা" উপনামেৰে জনা যায়,[8][9] আৰু ই এখন ভাৰতীয় "অভিলেখৰ বাতৰি কাকত"।[10][11]
প্ৰকাৰ | দৈনিক বাতৰি কাকত |
---|---|
ফৰমেট | ডাঙৰ পৃষ্ঠা |
গৰাকী | দ্য টাইমছ গ্ৰুপ |
প্ৰকাশক | বেনেট, ক'লেমন & কো. লিমিটেড |
সম্পাদক প্ৰধান | জয়দীপ বোস |
প্ৰতিষ্ঠা | ৩ নৱেম্বৰ ১৮৩৮; ১৮৫ বছৰ আগত (1838-11-03) |
ভাষা | ইংৰাজী |
মুখ্য কাৰ্যালয় | মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
চাৰ্কোলেচন | দৈনিক ২,৮৮০,১৪৪ [1] |
ভগ্নী কাকত | দ্য ইক'ন'মিক টাইমছ নৱভাৰত টাইমছ মহাৰাষ্ট্ৰ টাইমছ এই সময় মুম্বাই মিৰ'ৰ বিজয়া কৰ্ণাটক বাংগালোৰ মিৰ'ৰ টাইমছ নাও নিউজ |
ISSN | 0971-8257 |
OCLC নম্বৰ | 23379369 |
ৱেবছাইট | timesofindia |
কুৰি শতিকাৰ আৰম্ভণিৰ সময়ত ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জনে টাইমছ অৱ ইণ্ডিয়াক "এছিয়াৰ আগশাৰীৰ সংবাদ পত্ৰ" বুলি অভিহিত কৰিছিল।[12][13] ১৯৯১ চনত বিবিচিয়ে ইয়াক বিশ্বৰ ছখন শ্ৰেষ্ঠ বাতৰি কাকতৰ ভিতৰত স্থান দিয়ে।[14][15]
ইয়াৰ মালিক আৰু প্ৰকাশক হৈছে বেনেট, ক’লমেন এণ্ড কো লিমিটেড (B.C.C.L.), যিটো চাহু জৈন পৰিয়ালৰ মালিকানাধীন। ব্ৰেণ্ড ট্ৰাষ্ট ৰিপৰ্ট ইণ্ডিয়া অধ্যয়ন ২০১৯ত টাইমছ অব ইণ্ডিয়াক ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য ইংৰাজী কাকত হিচাপে ৰেটিং দিয়া হৈছিল।[16] ৰয়টাৰ্ছৰ এক সমীক্ষাত টয়ক (TOI) ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য মিডিয়া নিউজ ব্ৰেণ্ড হিচাপে ৰেটিং দিয়া হৈছে।[17][18] শেহতীয়া দশককেইটাত কাকতখনে ভাৰতীয় সংবাদ উদ্যোগত ইতিবাচক সংবাদ প্ৰচাৰৰ বিনিময়ত ব্যক্তি আৰু সংস্থাৰপৰা ধন লোৱাৰ প্ৰথা প্ৰতিষ্ঠা কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে।[19]