দৃষ্টি
From Wikipedia, the free encyclopedia
সমালোচনাত্মক তত্ত্ব, দৰ্শন, সমাজবিজ্ঞান আৰু মনোবিশ্লেষণত ৰূপক অৰ্থত দৃষ্টি (ইংৰাজী: Gaze) হৈছে ব্যক্তিৰ (বা এটা গোটৰ) আন ব্যক্তি, অন্য গোট বা নিজৰ প্ৰতি সচেতনতা আৰু ধাৰণা। দৃষ্টিৰ ধাৰণা আৰু সামাজিক প্ৰয়োগসমূহ অস্তিত্ববাদী আৰু পৰিঘটনাবাদী দাৰ্শনিকসকলে সংজ্ঞায়িত আৰু ব্যাখ্যা কৰিছে। জাঁ-পল ছাৰ্ট্ৰেয়ে বিয়িং এণ্ড নথিংনেছ (১৯৪৩)ত এই দৃষ্টি (the "look") বৰ্ণনা কৰিছিল।[1] মিচেল ফ’ক’ই ডিচিপ্লিন এণ্ড পানিছ: দ্য বাৰ্থ অৱ দ্য প্ৰিজন (১৯৭৫) গ্ৰন্থত সামাজিক-ৰাজনৈতিক ক্ষমতা সম্পৰ্কৰ গতিশীলতা আৰু সমাজৰ অনুশাসন ব্যৱস্থাৰ সামাজিক গতিশীলতাক চিত্ৰিত কৰিবলৈ দৃষ্টিৰ ধাৰণাটো বিকশিত কৰিছিল। জেক ডেৰিডাই দ্য এনিমেল ডেট থেৰফ’ৰ আই এম (ম’ৰ টু কম) (১৯৯৭)ত মানুহ আৰু অন্যান্য প্ৰাণীৰ মাজত থকা আন্তঃপ্ৰজাতিৰ সম্পৰ্কৰ বিষয়ে বিশদভাৱে উল্লেখ কৰিছে, যিবোৰ দৃষ্টিৰ দ্বাৰা প্ৰতিষ্ঠিত হয়।