দীপা মালিক
From Wikipedia, the free encyclopedia
দীপা মালিক (ইংৰাজী: Deepa Malik; জন্ম ৩০ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় এথলীট। ২০১৬ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ৰূপৰ পদক লাভ কৰি তেওঁ পেৰালিম্পিক ক্ৰীড়াত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা হৈ পৰিল।[1] তেওঁ বিভিন্ন দুঃসাহসিক ক্ৰীড়াত অংশ গ্ৰহণ কৰাৰ বাবে বিখ্যাত। তেওঁ হিমালয়ান মটৰস্পৰ্ট সন্থা আৰু ফেডাৰেচন অফ মটৰ স্পৰ্টছ ক্লাৱছ অফ ইণ্ডিয়া ৰ লগত জড়িত। তেওঁ ১৭০০ কিলোমিটাৰ দূৰত্বৰ এক আঠদিনীয়া শূন্যতকৈ কম উষ্ণতাত দুঃসাহসিক অভিযান সফল ভাবে ৰূপায়ণ কৰিছিল। এই অভিযানত তেওঁ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১৮০০০ ফুট উচ্চতাত আহোৰণ কৰিছিল। এই অভিযানৰ নাম - ৰেইড দে হিমালয়। হিমালয়ৰ বহু ভিতৰুৱা ঠাই সামৰি লেহ, চিমলা আৰু জম্মুৰ মাজেৰে এই অভিযানৰ পথছোৱা আছিল।[2][3]
ক্ষিপ্ৰ তথ্য দীপা মালিক, ব্যক্তিগত তথ্যাৱলী ...
দীপা মালিক | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||
জন্ম | ৩০ ছেপ্টেম্বৰ, ১৯৭০ (৫৩ বছৰ) ভৈচৱাল, চনীপাত জিলা, হাৰিয়ানা, ভাৰত | ||||||||||||
বাসগৃহ | নতুন দিল্লী | ||||||||||||
ক্ৰীড়া | |||||||||||||
দেশ | ভাৰত | ||||||||||||
শিতান | শ্বট পুত,জেভেলীন থ্ৰো, মটৰ চাইকেলিং | ||||||||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | |||||||||||||
পেৰালিম্পিক ফাইনেল | ২০১৬ গ্ৰীষ্মকালীন পেৰালিম্পিক: মহিলাৰ শ্বট পুত(এফ৫৩); –ৰূপৰ পদক | ||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক