দিবালোক সংৰক্ষণ সময়
From Wikipedia, the free encyclopedia
দিবালোক সংৰক্ষণ সময় বা ডেলাইট চেভিং টাইম (ইংৰাজী: Daylight Saving Time), সংক্ষেপে ডিএসটি (DST) হ’ল ঘড়ীৰ সময় ১ অথবা ২ ঘণ্টা আগুৱাই দিয়াৰ এক ৰীতি, যাতে ঘড়ীৰ কাটাৰ হিছাপে সূৰ্যোদয় আৰু সূৰ্যাস্ত উভয়েই এক ঘণ্টা পাছত ঘটে আৰু আবেলি সময়ত অলপ অতিৰিক্ত সময় সূৰ্যৰ পোহৰ পোৱাৰ সুবিধা হয়। সাধাৰণতে এই নীতিতে পৃথিৱীৰ উত্তৰ গোলাৰ্ধত বসন্তকালত ঘড়ীৰ কাঁটা ১ ঘণ্টা আগুৱাই দিয়া হয় আৰু শৰতত পুনৰ আগৰ অবস্থালৈ ঘূৰাই নিয়া হয়। ১৭৮৪ খৃষ্টাব্দত বেঞ্জামিন ফ্ৰেঙ্কলিনে তেওঁৰ এটি খামখেয়ালিপূৰ্ণ প্ৰবন্ধত প্ৰথম এই নাটকীয় ব্যৱস্থাৰ ধাৰণা তুলি ধৰিছিল; পৰবৰ্তি সময়ত এই ধাৰণাটি প্ৰথম ১৯০৭ খৃষ্টাব্দত জনগণৰ আগত তুলি ধৰিছিল উইলিয়াম উইলেট নামৰ এজন ব্ৰিটিছ নিৰ্মাতাই ৱেষ্ট অফ ডেলাইট (waste of Day light) নামৰ এক প্যামপ্লেটত।[1]