তেলেংগানাৰ সংস্কৃতি
এখন ভাৰতীয় ৰাজ্যৰ সাংস্কৃতিক ইতিহাস / From Wikipedia, the free encyclopedia
তেলংগানাৰ সংস্কৃতি (ইংৰাজী: Culture of Telangana) প্ৰায় ৫,০০০ বছৰ পুৰণি। কাকতীয়, কুতুব শ্বাহী আৰু আছাফ জাহী বংশৰ (হায়দৰাবাদৰ নিজাম বুলিও কোৱা হয়) শাসন কালত এই অঞ্চলটো ভাৰতীয় উপমহাদেশৰ সংস্কৃতিৰ অগ্ৰণী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। শাসকসকলৰ পৃষ্ঠপোষকতা আৰু ৰন্ধনশৈলী, কলা আৰু সংস্কৃতিৰ প্ৰতি আগ্ৰহে তেলেংগানাক বহুধা-সাংস্কৃতিক অঞ্চললৈ ৰূপান্তৰিত কৰে, য’ত দুটা ভিন্ন সংস্কৃতি একেলগে সহাৱস্থান কৰিছে। হায়দৰাবাদী খাদ্য আৰু কাকতীয় স্থাপত্য দুয়োটা তেলেংগানাৰ। তেলেংগানাত উদযাপন কৰা প্ৰধান সাংস্কৃতিক অনুষ্ঠানসমূহৰ ভিতৰত কাকতীয় উৎসৱ আৰু দাক্ষিণাত্য উৎসৱৰ লগতে বোনালু, বাথুকম্মা, দশেৰা, উগাদি, সংক্ৰান্তি, মিলাদ-উন-নবী আৰু ৰমজান আদি ধৰ্মীয় উৎসৱসমূহো অন্তৰ্ভুক্ত।[1]
তেলেংগানা ৰাজ্য দূৰ অতীতৰ পৰাই বৈচিত্ৰ্যময় ভাষা আৰু সংস্কৃতিৰ মিলনস্থলী হৈ আহিছে। ৰাজ্যখনক উত্তৰৰ দক্ষিণ আৰু দক্ষিণৰ উত্তৰ বুলি জনা যায়।[2] ই গংগা-যমুনা তেহজীবৰ বাবেও পৰিচিত। ৰাজধানী হায়দৰাবাদ প্ৰাচ্য সংস্কৃতিৰ কেন্দ্ৰবিন্দু আৰুভাৰতৰ প্ৰথম ঐতিহ্যমণ্ডিত চহৰ।[3][4][5]