তেজ
From Wikipedia, the free encyclopedia
তেজ বা ৰক্ত (ইংৰাজী: Blood) হৈছে ৰক্তসংবহন তন্ত্ৰৰ লগত জড়িত এবিধ তৰল মাধ্যম। ই ৰক্তবাহিকাইদি খাদ্য, শ্বসন গেছ, ৰেচন দ্ৰব্য, হৰম'ন, এনজাইম আদি দ্ৰব্যবোৰ বিভিন্ন কলাসমূহলৈ প্ৰেৰণ কৰে আৰু কলাকোষসমূহত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ আৰু অন্যান্য বিপাকীয় অলাগতিয়াল দ্ৰব্যসমূহ সংগ্ৰহ কৰি নিৰ্দিষ্ট স্থানলৈ কঢ়িয়াই নিয়ে। তেজ এবিধ তৰল সংযোজক কলা। ই প্লাজমা আৰু ৰক্তকণিকাৰে গঠিত। তেজত প্লাজমাৰ পৰিমাণ ৫৫ শতাংশ আৰু ৰক্তকণিকাৰ পৰিমাণ ৪৫ শতাংশ।[1] তেজৰ ৰক্তকণিকাসমূহ প্লাজমাত ওপঙি থাকে আৰু তেজৰ সোঁতত ইহঁত প্ৰবহমান হৈ থাকে এজন সুস্থ মানুহৰ দেহত শৰীৰৰ ওজনৰ ৮% তেজ থাকে। [2]