তিৰহুতা লিপি
মৈথিলী ভাষাৰ লিপি / From Wikipedia, the free encyclopedia
তিৰহুতা লিপি বা মিথিলাক্ষৰ হৈছে মৈথিলী ভাষা লিখিবৰ বাবে ব্যৱহাৰ কৰা এক লিপি। এই লিপিটোৰ বিকাশ ১০ম শতিকাত বৰ্তমান বিহাৰৰ মিথিলা অঞ্চল আৰু নেপালৰ তৰাই অঞ্চলত হয় বুলি অনুমান কৰা হৈছে। তিৰহুতা লিপিৰ প্ৰাচীনতম ব্যৱহাৰৰ নমুনা ৯৫০ খৃষ্টাব্দৰ বিহাৰৰ সহোদৰা মন্দিৰত পোৱা গৈছে।[1] তিৰহুতা লিপিৰ যথেষ্ট সাদৃশ্য অসমীয়া লিপি আৰু বঙালী লিপিৰ সৈতে দেখা যায়। মৈথিলী ভাষী অধিকাংশ লোকে ভাষাটো লিখিবৰ বাবে বৰ্তমান তিৰহুতা লিপিৰ সলনি দেৱনাগৰী লিপি ব্যৱহাৰ কৰে।
ক্ষিপ্ৰ তথ্য তিৰহুতা, মিথিলাক্ষৰ, প্ৰকাৰ ...
তিৰহুতা, মিথিলাক্ষৰ | |
---|---|
তিৰহুতা লিপিত "তিৰহুতা" শব্দটো লিখা হৈছে | |
প্ৰকাৰ | আবুগিদা |
ভাষা | মৈথিলী, সংস্কৃত |
সময় | ১২ৰ পৰা ২০ শতিকাৰ ভিতৰত |
ভগ্নী লিপি | বঙালী, অসমীয়া, তিব্বতীয় |
ISO 15924 | Tirh, 326 |
ইউনিক'ড ৰে'ঞ্জ | U+11480–U+114DF Final Accepted Script Proposal |
বন্ধ কৰক
এই প্ৰৱন্ধটোত অসমীয়াৰ লগতে আন ব্ৰাহ্মী পাঠো আছে। কোনো সঠিক সহায় নোলোৱাকৈও আপুনি ব্ৰাহ্মী পাঠৰ সলনি প্ৰশ্নবোধক চিন বা বাকচসমূহ, ভুল স্থানত থকা স্বৰবৰ্ণ বা লুপ্ত ব্যঞ্জণবৰ্ণসমূহ চাব পাৰে। |