ড্ৰু ৱাইছ্মেন
আমেৰিকান চিকিৎসক-বিজ্ঞানী আৰু নোবেল বঁটা বিজয়ী / From Wikipedia, the free encyclopedia
ড্ৰু ৱাইছ্মেন (ইংৰাজী: Drew Weissman; জন্ম: ৭ ছেপ্টেম্বৰ, ১৯৫৯[1]) এজন আমেৰিকান চিকিৎসক-বিজ্ঞানী আৰু নোবেল বঁটা বিজয়ী। তেওঁ আৰএনএ (RNA) জীৱবিজ্ঞানৰ অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেওঁৰ আৰএনএ সম্পৰ্কীয় গৱেষণায়াই mRNA প্ৰতিষেধক প্ৰস্তুত কৰাত সহায় কৰিছে। ইয়াৰে আটাইতকৈ পৰিচিত ভেকচিন হৈছে বায়'এনটেক/ফাইজাৰ আৰু মডাৰ্নাই প্ৰস্তুত কৰা ক'ভিড-১৯ৰ ভেকচিন।[2] ৱাইছ্মেন বৰ্তমান ভেকচিন গৱেষণাৰ উদ্বোধনী ৰবাৰ্টছ পৰিয়ালৰ অধ্যাপক, পেন ইনষ্টিটিউট ফৰ আৰ এন এ উদ্ভাৱনৰ পৰিচালক আৰু পেন্চিলভেনিয়া বিশ্ববিদ্যালয়ৰ পেৰেলমেন স্কুল অৱ মেডিচিনৰ চিকিৎসা বিজ্ঞানৰ অধ্যাপক। তেওঁ আৰু তেওঁৰ গৱেষক সহকৰ্মী কাটালিন কাৰিক'ৱে যুটীয়াভাৱে লাস্কাৰ-ডিবেকি ক্লিনিকেল মেডিকেল ৰিচাৰ্চ এৱাৰ্ডকে আদি কৰি বহুতো বঁটা আৰু সন্মাম লাভ কৰিছে। কাটালিন কাৰিক'ৰ সৈতে যুটীয়াভাৱে "ক'ভিড-১৯ৰ বিৰুদ্ধে ফলপ্ৰসূ এম আৰ এন এ ভেকচিন প্ৰস্তুত কৰাত সক্ষম কৰা নিউক্লিঅ'চাইড ভিত্তি পৰিৱৰ্তন সম্পৰ্কীয় তেওঁলোকৰ আৱিষ্কাৰৰ বাবে" ২০২৩ চনৰ শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।[3]
ড্ৰু ৱাইছ্মেন | |
---|---|
২০২২ চনত ৱাইছ্মেন | |
জন্ম | ৭ ছেপ্টেম্বৰ, ১৯৫৯ (৬৪ বছৰ) লেক্সিংটন, মেছাচুচেটছ, আমেৰিকা যুক্তৰাষ্ট্ৰ |
শিক্ষানুষ্ঠান | ব্ৰেণ্ডেইছ বিশ্ববিদ্যালয় (বি.এ., এম.এ.) বষ্টন বিশ্ববিদ্যালয় (এম.ডি., পি.এইচ.ডি.) |
সংস্থা | পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ পেৰেলমেন স্কুল অৱ মেডিচিন |
জনা যায় | ক'ভিড-১৯ ভেকচিনত ব্যৱহাৰ কৰা পৰিৱৰ্তিত mRNA প্ৰযুক্তি |
পদবী | চিকিৎসা বিজ্ঞানৰ অধ্যাপক |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ৰ'জেনষ্টিয়েল বঁটা (২০২০) লাস্কাৰ-ডিবেকি ক্লিনিকেল মেডিকেল ৰিচাৰ্চ এৱাৰ্ড (২০২১) ভিনফিউচাৰ বঁটা (২০২২) জীৱন বিজ্ঞানৰ ব্ৰেকথ্ৰু বঁটা (২০২২) হাৰ্ভি বঁটা (২০২১ চনৰ বাবে ২০২৩ চনত প্ৰদান কৰা হৈছে) শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা (২০২৩) |