ডাক টিকট
From Wikipedia, the free encyclopedia
ডাক টিকট হৈছে এবিধ বিশেষ প্ৰকাৰৰ মুদ্ৰিত কাগজৰ টুকুৰা, যি ডাক সেৱাৰ মাছুল পৰিশোধ কৰাৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হয়। নানা বৰণৰ এই ডাক টিকট সমূহত দেশৰ ইতিহাস ঐতিহ্য, সংস্কৃতি, বৰেণ্য ব্যক্তিত্ব ইত্যাদি বিষয় ফুটি উঠে। প্ৰায় প্ৰতিখন দেশৰ ডাক ব্যৱস্থাত ডাক টিকটৰ ব্যৱহাৰ কৰা হয়। প্ৰতি বছৰ প্ৰচুৰ পৰিমাণৰ ডাক টিকট প্ৰকাশ কৰা হয়। বিশেষ বিশেষ দিনক স্মৰণ কৰি ডাক বিভাগসমূহে ডাক টিকট প্ৰকাশ কৰি থাকে। ডাক টিকট সমূহ সাধাৰণত চাৰিকোণীয়া বা বৰ্গাকৃতিৰ হয়। কেতিয়াবা ত্ৰিকোনাকাৰ,গোলাকাৰ, তৰা আদি বিভিন্ন আকৃতিৰ ডাক টিকট পোৱা যায়। ডাক টিকট সমূহ সাধাৰণত কাগজৰ দ্বাৰা তৈয়াৰ কৰা হয়। কিন্তু কাঠৰ ফাইবাৰ, চিন্থেটিক কাপোৰ ইত্যাদিৰ ডাক টিকটো পোৱা যায়।