ট্ৰেন্সজেণ্ডাৰ যৌন কৰ্মী
From Wikipedia, the free encyclopedia
ট্ৰান্সজেণ্ডাৰ যৌন কৰ্মী হৈছে এজন ট্ৰান্সজেণ্ডাৰ ব্যক্তি যি যৌন উদ্যোগত কাম কৰে বা ধন বা অন্যান্য প্ৰকাৰৰ পৰিশোধৰ বিনিময়ত যৌন সেৱা সম্পাদন কৰে। [1] ট্ৰান্সজেণ্ডাৰ শব্দটোৱে এনে এজন ব্যক্তিক বুজায় যাৰ লৈংগিক পৰিচয় জন্মৰ সময়ত হোৱা লিংগৰ পৰিচয় পৰা পৃথক হয়।[2] এগৰাকী ট্ৰান্সজেণ্ডাৰ মহিলা হৈছে এগৰাকী মহিলা যি জন্মৰ সময়ত পুৰুষ পৰিচয় লৈ জন্ম হৈছিল আৰু এজন ট্ৰান্সজেণ্ডাৰ পুৰুষ হৈছে এজন পুৰুষ যি জন্মৰ সময়ত মহিলা হিচাপে জন্ম হৈছিল।[3]
সাধাৰণতে, যৌন কৰ্মীসকল তেওঁলোকৰ বৃত্তিৰ সৈতে সম্পৰ্কিয় গুৰুতৰ স্বাস্থ্য সমস্যাৰ বাবে যথেষ্ট বিপদাশংকাত থকা দেখা যায়, যেনে শাৰীৰিক আৰু যৌন নিৰ্যাতন, ডকাইতি, হত্যা, শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সমস্যা, আৰু ড্ৰাগ আৰু সুৰাৰ আসক্তি।[4] যদিও সকলো যৌন কৰ্মীয়ে উক্ত তালিকাভুক্ত সমস্যাবোৰৰ বাবে বিপদাশংকাত ভোগে, কিছুমান অধ্যয়নৰ মতে ৰাস্তা আৰু ৰাজহুৱা স্থানত যৌন-ব্যৱসায়ত লিপ্ত যৌন কৰ্মীসকলৰ এই সমস্যাবোৰৰ সন্মুখীন হোৱাৰ আশংকা অধিক।।[5] ট্ৰেন্সজেণ্ডাৰ যৌন কৰ্মীসকলে যৌন উদ্যোগৰ ভিতৰত আৰু বাহিৰত উচ্চ পৰিমাণৰ বৈষম্যৰ সন্মুখীন হয় আৰু তেওঁলোকৰ মাজত এইচ আই ভিৰ দৰে সংক্ৰমিত হোৱা লোকৰ সংখ্যা আৰু হিংসাত্মক ঘটনা হাৰ উচ্চ দেখা যায়।[6][7] ইয়াৰ উপৰিও, সন্মতিপূৰ্ণ যৌন কৰ্ম আৰু যৌন সৰবৰাহৰ মাজত এক স্পষ্ট পাৰ্থক্য ৰখা প্ৰয়োজন । যৌন সৰবৰাহৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ আৰু ব্যক্তিগত স্বায়ত্তশাসনৰ অভাৱ থাকে।