টেক্ট'নিক প্লেট
From Wikipedia, the free encyclopedia
টেক্টনিক প্লেট (ইংৰাজী: Tectonic Plate) বা শৈলমণ্ডলীয় ফলক হৈছে মহাদেশীয় আৰু সাগৰীয় শিলামণ্ডল গঠিত কৰা কঠিন শিলৰ বিশাল, অনিয়মিত আকৃতিৰ ফলকসমূহ। শৈলমণ্ডলীয় ফলকৰ ধাৰণাটো ফলক বিবৰ্তনবাদ (ইংৰাজী: Plate tectonics) সূত্ৰৰ লগত জড়িত। এই বৈজ্ঞানিক সূত্ৰৰ মতে পৃথিৱীৰ খোলাটো বহুতো ফলকেৰে গঠিত আৰু এই ফলকসমূহ বিভিন্ন দিশত গতি কৰি থাকে। প্ৰায় ৩.৩ৰ[1] পৰা ৩.৫ বিলিয়ন বছৰ আগতেই পৃথিৱীৰ শিলামণ্ডলত থকা ফলকসমূহৰ সঞ্চালন আৰম্ভ হোৱা বুলি ধাৰণা কৰা হয়।
লিথোস্ফিয়াৰ, হৈছে পৃথিৱীৰ আটাইতকৈ কঠিন বাহিৰৰ খোলা (ভূত্বক আৰু ওপৰৰ মেণ্টেল)। পৃথিৱীৰ লিথোস্ফিয়াৰ সাত বা আঠটা মুখ্য টেকটনিক ফলক বা প্লেট আৰু বহুতো সৰু প্লেটৰে গঠিত। য'ত প্লেটবোৰ লগ লাগিছে, সেইবোৰৰ সীমা বা ফাট বৰ গুৰুত্বপূৰ্ণ। এই প্লেটৰ সীমাৰ (বা ত্ৰুটি বা ফাট)চলাচলৰ সৈতে ভূমিকম্প, আগ্নেয়গিৰিৰ কাৰ্যকলাপ, পৰ্বত নিৰ্মাণ, আৰু মহাসাগৰীয় খাদ গঠন হয়। প্লেটবোৰৰ আপেক্ষিক চলাচল সাধাৰণতে বছৰি শূন্যৰ পৰা ১০০ মিলিমিটাৰলৈকে হয়।[2]