টিপু চুলতান
From Wikipedia, the free encyclopedia
টিপু চুলতান কৰ্ণাটকৰ এসময়ৰ স্বাধীনচিতীয়া ৰাজ্য মহীশূৰ ৰাজ্য শাসনকৰ্তা আছিল। বিট্ৰিছ শক্তিয়ে টিপুক বশ্যতা স্বীকাৰ কৰাব নোৱাৰি ১৭৭৬ চনত মহীশূৰত এক চুক্তি স্বাক্ষৰ কৰে। সেই চুক্তি মৰ্মে দুই পক্ষ পৰস্পৰ অধিকৃত অঞ্চলসমূহ প্ৰত্যাৰ্পন কৰে। সেই বছৰটোতে টিপুয়ে চুলতান উপাধি গ্ৰহণ কৰে। কিন্তু মহীশূৰৰ তৃতীয় আৰু চতুৰ্থ যুদ্ধত তেখেতে বেয়া ধৰণে পৰাজয় বৰণ কৰে আৰু ৰাজ্যৰ অধিকাংশ হেৰুৱাব লগাত পৰে। যুদ্ধক্ষেত্ৰতে ১৭৯৯ চনৰ ৪ মে' দিনটোতে বীৰ টিপু চুলতানৰ মৃত্যু হয়।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |