টাইম (আলোচনী)
যুক্তৰাষ্ট্ৰৰ পৰা প্ৰকাশিত পত্ৰিকা / From Wikipedia, the free encyclopedia
টাইম (ইংৰাজী: Time; অৰ্থ: সময়) হৈছে এখন আমেৰিকান সাপ্তাহিক সংবাদ আলোচনী আৰু সংবাদ ৱেবছাইট। টাইমৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চিটিত অৱস্থিত। ১৯২৩ চনৰ ৩ মাৰ্চত টাইম পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল। প্ৰভাৱশালী সহ-প্ৰতিষ্ঠাতা হেনৰি লুছে বহুকেইটা বছৰলৈকে টাইমৰ কাৰ্যভাৰ চলাই আছিল। টাইমৰ এটা ইয়ৰোপীয়ান সংস্কৰণো আছে যাৰ নাম হৈছে টাইম ইউৰোপ (Time Europe,পূৰ্বতে Time Atlantic হিচাপে পৰিচিত)। লণ্ডনৰ পৰা প্ৰকাশিত হোৱা টাইম ইউৰোপে মধ্য প্ৰাচ্য, আফ্ৰিকাৰ লগতে ২০০৩ চনৰ পৰা লেটিন আমেৰিকাকো সামৰি লয়। টাইমৰ এছিয়ান সংস্কৰণটোক টাইম এছিয়া (Time Asia) বুলি কোৱা হয়। ইয়াৰ কাৰ্যালয় অৱস্থিত হংকংত।[2] দক্ষিণ প্ৰশান্ত মহাসাগৰীয় সংস্কৰণটোৱে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহক সামৰি লয়। ইয়াৰ কাৰ্যালয়টো চিডনিত অৱস্থিত।[3]
ক্ষিপ্ৰ তথ্য মুখ্য সম্পাদক, প্ৰকাৰ ...
মুখ্য সম্পাদক | এডৱাৰ্ড ফেলচেনথাল |
---|---|
প্ৰকাৰ | সংবাদ আলোচনী |
প্ৰকাশনৰ হাৰ | সাপ্তাহিক |
মুঠ বিতৰণ (২০১৮) |
২,৩৪৮,৫৬৬[1] |
প্ৰথম সংখ্যা | ৩ মাৰ্চ ১৯২৩; ১০১ বছৰ আগত (1923-03-03) |
কোম্পানী | টাইম আইএনচি.(১৯২৩–১৯৯০; ২০১৪–২০১৮) টাইম ৱাৰ্ণাৰ(১৯৯০–২০১৪) মেৰেদিথ কৰ্পোৰেচন(২০১৮) টাইম আমেৰিকা যুক্তৰাষ্ট্ৰ,এলএলচি.মাৰ্ক বেনিঅ'ফ আৰু লায়েন বেনিঅ'ফ (২০১৮–বৰ্তমান) |
দেশ | আমেৰিকা যুক্তৰাষ্ট্ৰ |
ভিত্তি | নিউয়ৰ্ক মহানগৰ |
ভাষা | আমেৰিকান ইংৰাজী |
ৱেবচাইট | time |
ISSN সংখ্যা | 0040-781X |
OCLC সংখ্যা | ১৩১১৪৭৯ |
বন্ধ কৰক