ঝৌ ৰাজবংশ
From Wikipedia, the free encyclopedia
ঝৌ ৰাজবংশ (চীনা: {{{c}}} [tʂóʊ]; Old Chinese (B&S): *tiw[1]) এটি চীনা ৰাজবংশ যিয়ে শ্বাং ৰাজবংশৰ পাছত শাসন কৰিছিল। এই ৰাজবংশৰ শাসন ৭৮৯ বছৰলৈকে চলিছিল। ই চীনা ইতিহাসৰ আতাইতকৈ দীৰ্ঘ কালৰ বাবে ৰাজ কৰা বংশ। এই ৰাজবংশৰ উপাধি আছিল জি। তেওঁলোকৰ সামৰিক নিয়ন্ত্ৰণ চলিছিল খ্ৰীষ্টপূৰ্ব ১০৪৬ৰ পৰা খ্ৰীষ্টপূৰ্ব ৭৭১লৈ। এই কালক পশ্চিমীয়া ঝৌ বোলা হয়। তাৰ পাছতো, পৰৱৰ্তী ৫০০ বছৰলৈ তেওঁলোকে সৃষ্টি কৰা ৰাজনৈতিক প্ৰভাৱ বৰ্তি আছিল। ঝৌ ৰাজবংশৰ প্ৰতিষ্ঠাৰ বছৰ খ্ৰীষ্টপূৰ্ব ১০৪৬ বুলি চীন চৰকাৰৰ শ্বিয়া-শ্বাং-ঝৌ কালক্ৰম প্ৰকল্প আৰু ডেভিড পাৰ্কেনিয়েৰৰ দ্বাৰা দাবী কৰা হৈছে।[2] কিন্তু শাস্ত্ৰীয় চীনা ইতিহাস লিখন আৰু মহাজাগতিক পৰিঘটনাৰ কালৰ পৰা লাভ কৰা সাক্ষ্য ব্যৱহাৰ কৰি ডেভিড নিভিছনে কৰা গণনা আৰু এডৱাৰ্ড ছৌঘ্নেছেৰ মতে ঝৌ ৰাজবংশ খ্ৰীষ্টপূৰ্ব ১০৪৫তহে সৃষ্ট।[3][4]