জৰ্জ ৱেষ্টিংহাউছ
From Wikipedia, the free encyclopedia
জৰ্জ ৱেষ্টিংহাউছ কনিষ্ঠ (George Westinghouse Jr.) (৬ অক্টোবৰ, ১৮৪৬- ১২ মাৰ্চ, ১৯১৪) আছিল এগৰাকী আমেৰিকান উদ্যোগী আৰু অভিযন্তা; যাক বিদ্যুৎ শক্তি উদ্যোগৰ এগৰাকী অগ্ৰদূত বুলি অভিহিত কৰা হয়৷ তেওঁ ৰেলৱে বায়ু ব্ৰেকৰ সৃষ্টি কৰিছিল৷ মাত্ৰ ১৯ বছৰ বয়সতে তেওঁ প্ৰথমটো পেটেণ্ট (Patent) লাভ কৰিছিল৷ ১৮৮০ৰ দশকৰ আৰম্ভণিৰ কালছোৱাত ৱেষ্টিংহাউছে বিদ্যুৎ শক্তিৰ বিতৰণৰ ক্ষেত্ৰখনত পৰিৱৰ্তী প্ৰৱাহে সূচনা কৰিব পৰা সম্ভাৱনাপূৰ্ণ সফলতাৰ কথা অনুধাৱন কৰিছিল আৰু তাৰবাবে তেখেতে নিজৰ সমস্ত সমল আৰু চিন্তা এই উদ্যোগটো গঢ়ি তুলিবলৈ ব্যৱহাৰ কৰিছিল৷ ইয়াৰ ফলত তেওঁ থমাছ আলভা এডিছনৰ লগত প্ৰত্যক্ষ প্ৰতিযোগিতাত লিপ্ত হৈছিল, কাৰণ এডিছনে বিদ্যুৎ বিতৰণৰ বাবে একমুখী প্ৰৱাহৰহে পোষকতা কৰিছিল৷ ১৯১১ চনত ৱেষ্টিংহাউছে আমেৰিকান ইনষ্টিটিউট্ অৱ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰ্ছ (AIEE) ৰ পৰা এডিছন পদক লাভ কৰিছিল৷ পৰিৱৰ্তী প্ৰৱাহৰ বিকাশৰ লগত জড়িত হোৱাৰ বুদ্ধিদীপ্ত সাফল্যৰ বাবে তেওঁক এই সন্মান আগবঢ়োৱা হৈছিল৷[1]
জৰ্জ ৱেষ্টিংহাউছ George Westinghouse | |
---|---|
জৰ্জ ৱেষ্টিংহাউছ, ১৮৮৪ | |
জন্ম | ৬ অক্টোবৰ, ১৮৪৬ চেণ্ট্ৰেল ব্ৰীজ, নিউ ইয়ৰ্ক |
মৃত্যু | ১২ মাৰ্চ, ১৯১৪ (৬৭ বছৰ) নিউ ইয়ৰ্ক চিটী, নিউ ইয়ৰ্ক |
জাতীয়তা | আমেৰিকান |
উল্লেখনীয় বঁটা | জন ফ্ৰিৎজ পদক,(১৯০৬) IEEE এডিছন পদক(১৯১১) |
দাম্পত্যসঙ্গী | মাৰ্গাৰেট আৰস্কাইন ৱাকাৰ (বি. ১৮৬৭) |
সতি-সন্ততি | জৰ্জ ৱেষ্টিংহাউছ তৃতীয় |
স্বাক্ষৰ |