জৰথুষ্ট্ৰ
জৰথুষ্ট্ৰীয় বা জৰদস্তি ধৰ্মৰ প্ৰচাৰক / From Wikipedia, the free encyclopedia
জৰথুষ্ট্ৰ, জাৰাথুষ্ট্ৰা, জাৰাথুষ্ট্ৰ বা জৰাথুষ্ট্ৰ ( আভেষ্টান : Zaraθuštra Заратуштра; আধুনিক ফাৰ্চী : زرتشت زرتوشت ), পশ্চিমীয়া বিশ্বত জৰদস্তৰ ( গ্ৰীক : Ζωροάστρης Μοροαστρης; লেটিন : Zoroasterius Zoroasterius, সংস্কৃত : হৰিদুষ্ট্ৰ ) জৰথুষ্ট্ৰীয় বা জৰদস্তি ধৰ্মৰ প্ৰচাৰক আছিল। হাক্ষমানেছিয়ান [1], পাৰ্থিয়ান আৰু [2] ছাছানিদ ৰাজত্বকালত এসময়ত জৰদস্তি ধৰ্ম প্ৰাচীন পাৰস্যৰ জাতীয় ধৰ্ম হিচাপে পৰিগণিত হয়, প্ৰধানকৈ বৰ্তমানৰ ইৰাণ আৰু ভাৰতৰ জৰদস্তি সম্প্ৰদায়ৰ দ্বাৰা পালন কৰা হয়।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
জৰথুষ্ট্ৰ | |
---|---|
তৃতীয় শতিকাৰ ভিতৰত জৰদস্তি ধৰ্ম আৰু ইয়াৰ মতবাদ সমগ্ৰ মধ্যপ্ৰাচ্যত বিয়পি পৰে। (চিত্ৰত: আকাশলৈ আঙুলিয়াই থকা জৰথুষ্ট্ৰ। ) |
ধৰ্ম প্ৰচাৰক জৰথুষ্ট্ৰ সাধাৰণভাৱে স্বীকৃতিপ্ৰাপ্ত এজন ঐতিহাসিক ব্যক্তি, কিন্তু তেওঁৰ সমসাময়িক সময়ৰ বিষয়ে স্পষ্টভাৱে জনা নাযায়। বহু পণ্ডিতৰ মতে তেওঁ আনুমানিক খ্ৰীষ্টপূৰ্ব ১২০০ চনৰ প্ৰাচীন ধৰ্মৰ আদিম প্ৰতিষ্ঠাপকসকলৰ ভিতৰত অন্যতম আছিল যদিও আন বহুতৰ মতে তেওঁ খ্ৰীষ্টপূৰ্ব ১৮০০ চনত বা খ্ৰীষ্টপূৰ্ব সপ্তম আৰু ষষ্ঠ শতিকাৰ ভিতৰত মহান ক্ৰুছেডৰ সমকালীন এজন ধৰ্ম প্ৰচাৰক আছিল।