জুল ভাৰ্ন
From Wikipedia, the free encyclopedia
জুল গেব্ৰিয়েল ভাৰ্ন (ইংৰাজী: Jules Gabriel Verne, ফৰাচী: ʒyl gabʁijɛl vʁn; ৮ ফেব্ৰুৱাৰী ১৮২৮ – ২৪ মাৰ্চ ১৯০৫[1]) আছিল এগৰাকী ফৰাচী ঔপন্যাসিক, কবি আৰু নাট্যকাৰ। প্ৰকাশক পিয়েৰ-জুল হেটজেলৰ সৈতে সহযোগিতা কৰি তেওঁ ভয়েজেছ এক্সট্ৰাঅৰ্ডিনেয়াৰ[1] নামৰ এক অভিযানভিত্তিক উপন্যাস শৃংখলা লিখি উলিয়াইছিল। ইয়াৰ ভিতৰত আছে জাৰ্নি টু দ্য চেণ্টাৰ অৱ দ্য আৰ্থ (১৮৬৪), টুৱেণ্টি থাউজেণ্ড লীগছ আণ্ডাৰ দ্য ছীজ (১৮৭০), আৰু এৰাউণ্ড দ্য ৱৰ্ল্ড ইন এইটি ডেইজ (১৮৭২)। তেওঁৰ উপন্যাসসমূহৰ পটভূমি সাধাৰণতে ১৯ শতিকাৰ দ্বিতীয়াৰ্ধ আৰু সেই সময়ৰ প্ৰযুক্তিগত অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি এইসমূহ ৰচনা কৰা হৈছে।
জুল ভাৰ্ন | |
---|---|
১৮৮৪ চনত জুল ভাৰ্ন | |
জন্ম | জুল গেব্ৰিয়েল ভাৰ্ন ০৮ ফেব্ৰুৱাৰী, ১৮২৮ নেণ্টিছ, ফ্ৰান্স |
মৃত্যু | ২৪ মাৰ্চ, ১৯০৫ (৭৭ বছৰ) এমিয়েনছ, ফ্ৰান্স |
সমাধিস্থল | লা মেডেলিন সমাধিস্থল, এমিয়েনছ, ফ্ৰান্স |
পেচা |
|
সময় | ১৮৫০–১৯০৫ |
উল্লেখনীয় কৰ্মৰাজি |
(এইকেইখন ভয়েজেছ এক্সট্ৰাঅৰ্ডিনেয়াৰ শৃংখলাত অন্তৰ্ভুক্ত) |
উল্লেখযোগ্য বঁটা | লেজিয়ন অফ অ'নাৰ - অফিচাৰ (১৮৯২) |
দাম্পত্যসংগী | Honorine Anne Hébée du Fraysne de Viane (বি. ১৮৫৭) |
সন্তান | ৩: এজন পুত্ৰ: দুগৰাকী সতীয়া কন্যা |
স্বাক্ষৰ |
উপন্যাসৰ উপৰিও তেওঁ অসংখ্য নাটক, চুটিগল্প, আত্মজীৱনীমূলক ধাৰাবিৱৰণী, কবিতা আৰু গীতৰ লগতে বৈজ্ঞানিক তথা কলাত্মক সাহিত্যও ৰচনাও কৰিছিল। চলচ্চিত্ৰৰ সূচনা হোৱাৰে পৰা চলচ্চিত্ৰ আৰু টেলিভিছনৰ লগতে তেওঁৰ কৰ্মৰাজি কমিক বুক, থিয়েটাৰ, অপেৰা, সংগীত আৰু ভিডিঅ’ গেমৰ বাবেও অভিযোজিত হৈছে।
ভাৰ্নক ফ্ৰান্স আৰু ইউৰোপৰ অধিকাংশ অঞ্চলতে এজন গুৰুত্বপূৰ্ণ লেখক হিচাপে গণ্য কৰা হয়। তেওঁ পৰীক্ষামূলক সাহিত্য আৰু অতিবাস্তৱবাদৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছে।[2] ইয়াৰ বিপৰীতে ইংৰাজী বলয়ত (ইংৰাজী ভাষী লোকৰ দেশসমূহৰ সমষ্টি) তেওঁৰ উপন্যাসসমূহ সততে অতি সংক্ষিপ্ত আৰু পৰিৱৰ্তিত ৰূপত হোৱা অনুবাদৰ বাবে তেওঁক প্ৰায়ে কল্পকাহিনী বা শিশুৰ সাহিত্যৰ লেখক বুলি অভিহিত কৰা হৈছিল। ১৯৮০ চনৰ পৰা তেওঁৰ প্ৰতি এই ভাৱধাৰাৰ পৰিৱৰ্তন ঘটে।[3]
১৯৭৯ চনৰ পৰা জুলছ ভাৰ্নে বিশ্বৰ দ্বিতীয়-সৰ্বাধিক অনূদিত হোৱা লেখকৰ স্থান অধিকাৰ কৰি আহিছে। এই তালিকাত তেওঁ আগাথা ক্ৰীষ্টি আৰু উইলিয়াম শ্বেইকছপীয়েৰৰ মাজত স্থান লাভ কৰিছে।[4] তেওঁক কেতিয়াবা "কল্পবিজ্ঞানৰ পিতৃ" বুলিও আখ্যা দিয়া হয়। এই উপাধি এইচ.জি. ৱেলছ আৰু হিউগো গেৰ্নছবেককো দিয়া হৈছে।[5]