জিম্মু
From Wikipedia, the free encyclopedia
সম্ৰাট জিম্মু বা জিম্মু টেন্ন' (জাপানী ভাষাত: 神武天皇) জাপানৰ প্ৰবাদপ্ৰতিম প্ৰথম সম্ৰাট, নিহন শ্বকি আৰু কজিকিৰ মতে। তেওঁ খ্ৰীষ্টপূৰ্ব ৬৬০ত জাপানৰ সিংহাসনত বিৰাজমান হৈছিল বুলি কোৱা হয়।[1][2] জাপানী বিশ্বাস অনুযায়ী, তেওঁ সূৰ্যৰ জাপানী দেৱী আমাটাৰেচুৰ বংশধৰ, তেওঁৰ পৌত্ৰ নিনিগিৰ মাধ্যমেৰে। তেওঁ ধুমুহাৰ দেৱতা চুচানুৰো বংশধৰ। তেওঁ নিজৰ সামৰিক যাত্ৰা আৰম্ভ কৰিছিল চেট' সাগৰৰ কাষৰ হ্যুগাৰ পৰা, আৰু য়ামাট' দখল কৰিছিল। য়ামাট'কেই তেওঁ নিজৰ ৰাজশক্তিৰ কেন্দ্ৰ কৰি তুলিছিল। আধুনিক জাপানত, প্ৰতি বছৰে ১১ ফেব্ৰুৱাৰীত জাতীয় স্থাপনা দিৱস উদ্যাপন কৰা হয়, যি তাৰিখে, বিশ্বাস অনুযায়ী, জিম্মুৱে শাসনভাৰ গ্ৰহণ কৰিছিল। ১৯৩০ আৰু ১৯৪০ৰ দশকত জিম্মুৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন কৰা বিপদেৰে পৰিপূৰ্ণ আছিল।[3]
ইতিহাসবিদে দোহাৰে যে জিম্মুৰ অস্তিত্বৰ কোনো প্ৰমাণ পোৱা নাযায়।[4] জিম্মুৰ পাছৰ আন কেইবাজনো জাপানী সম্ৰাটৰো কোনো ঐতিহাসিক সাক্ষ্য পোৱা নাযায়। অনেক পণ্ডিতৰ মতে, জাপানৰ স্থাপনাৰ এই কাহিনী কিংবদন্তীহে, আৰু জিম্মু এক প্ৰবাদপ্ৰতিম সম্ৰাট।[5] কিন্তু জিম্মুৰ যাত্ৰাৰ কাহিনীৰ কিছু কিছু অংশই বাস্তৱ ঐতিহাসিক ঘটনাক প্ৰতিফলিত কৰিব পাৰে।[6][7]