ছেলা পাছ
From Wikipedia, the free encyclopedia
ছে লা(লা মানে পাছ) অৰ্থাৎ ছেলা পাছ (ইংৰাজী: Sela Pass) হৈছে ভাৰতৰ অৰুণাচল প্ৰদেশৰ টাৱাং আৰু পশ্চিম কামেং জিলাৰ সীমাত অৱস্থিত এক উচ্চতম পাহাৰীয়া পথ। ইয়াৰ উচ্চতা ৪১৭০ মিটাৰ (১৩,৭০০ ফুট) আৰু ই ভাৰতীয় বৌদ্ধ চহৰ টাৱাঙক দিৰাং আৰু গুৱাহাটীৰ সৈতে সংযোগ কৰে। এই পাহাৰীয়া পথটো ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ (আগতে ৰাষ্ট্ৰীয় ঘাইপথ ২২৯) ৰ অংশ, যি টাৱাঙক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰে। এই পথছোৱাত বহুতো দুৰ্লভ গছ-গছনি পোৱা যায় আৰু ই সাধাৰণতে বছৰটোৰ অক্টোবৰ মাহৰ মাজভাগৰ পৰা মাৰ্চ মাহলৈ বৰফৰে আবৃত্ত হৈ থাকে। ছেলা পাছত সোমাওঁতেই বাওঁহাতে ছেলা হ্ৰদ পোৱা যায়। তিব্বতীয় বৌদ্ধ ধৰ্মমতে, এই হ্ৰদটো হৈছে প্ৰায় ১০১টা পবিত্ৰ হ্ৰদৰ ভিতৰত এটা। শীতকালত প্ৰচুৰ তুষাৰপাত হয় যদিও ছেলা পাছটো সাধাৰণতে বছৰটোৰ সকলো সময়তে খোলা থাকে। অৱশ্যে হঠাৎ হোৱা ভূমিস্খলন বা বৰফৰ বাবে পাছটো কেতিয়াবা অস্থায়ীভাৱে বন্ধ হ’ব পাৰে। ছেলা পাছ অৰুণাচল প্ৰদেশৰ পৰ্যটনস্থলী সমূহৰ মাজত অন্যতম আকৰ্ষণীয় স্থান।
ছেলা পাছ | |
---|---|
ছে লা | |
উচ্চতা | ৪১৭০ মিটাৰ / ১৩,৭০০ ফুট |
অৱস্থান | অৰুণাচল প্ৰদেশ, ভাৰত |
পৰ্বতমালা | হিমালয় |
স্থানাঙ্ক | 27°30′17″N 92°06′17″E |