ছি জিনপিং
চীনা সাম্যবাদী দলৰ সাধাৰণ সম্পাদক তথা গণপ্ৰজাতন্ত্ৰী চীনৰ ৰাষ্ট্ৰপতি / From Wikipedia, the free encyclopedia
ছি জিনপিং হৈছে চীনা সাম্যবাদী দল (কমিউনিষ্ট পাৰ্টি অফ চাইনা)-ৰ সাধাৰণ সম্পাদক, গণপ্ৰজাতন্ত্ৰী চীনৰ ৰাষ্ট্ৰপতি তথা কেন্দ্ৰীয় সামৰিক আয়োগৰ অধ্যক্ষ। চীন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হোৱাৰ লগতে সামৰিক বাহিনী আৰু পাৰ্টিৰো মুখ্য নেতা হোৱাৰ বাবে তেওঁক অনানুষ্ঠানিকভাৱে চীনৰ "পাৰামাউণ্ট লিডাৰ" বা "সৰ্বোচ্চ নেতা" বুলিও অভিহিত কৰা হয়।[1][2] সাধাৰণ সম্পাদক হিচাপে, ছি পলিটবিউৰ' ষ্টেণ্ডিং কমিটিৰ পদাধিকাৰী সদস্য, যি চীন দেশৰ প্ৰকৃত সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা।
ছি জিনপিং | |
---|---|
২০১৯ চনত ছি জিনপিং | |
চীনা সাম্যবাদী দলৰ সাধাৰণ সম্পাদক | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৫ নৱেম্বৰ ২০১২ | |
পূৰ্বসূৰী | হু জিণ্টাও |
গণপ্ৰজাতন্ত্ৰী চীনৰ ৰাষ্ট্ৰপতি | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৪ মাৰ্চ, ২০১৩ | |
Premier | লি কেকিয়াং |
উপ ৰাষ্ট্ৰপতি | লি য়ুৱাঞ্চাও |
পূৰ্বসূৰী | হু জিণ্টাও |
কেন্দ্ৰীয় সামৰিক আয়োগৰ অধ্যক্ষ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৪ মাৰ্চ ২০১৩ (State Commission) ১৫ নৱেম্বৰ ২০১২ (Party Commission) | |
সহকাৰী | ফেন চাংলং ছু ছিলিয়াং |
পূৰ্বসূৰী | হু জিণ্টাও |
ব্যক্তিগত তথ্য | |
জন্ম | ১৫ জুন, ১৯৫৩ (৭০ বছৰ) বেইজিং, চীন |
ৰাজনৈতিক দল | চীনা সাম্যবাদী দল |
দাম্পত্যসঙ্গী |
|
সন্তান | ছি মিংজে |
বাসস্থান | ছংনান্থাই |
শিক্ষানুষ্ঠান | ছিংঘুৱা বিশ্ববিদ্যালয় |
স্বাক্ষৰ |
অভিজ্ঞ সাম্যবাদী নেতা ছি ঝংচুনৰ পুত্ৰ, ছি জিনপিং প্ৰথমে চীনৰ উপকূলীয় প্ৰান্তসমূহত ৰাজনৈতিক পদলৈ আহিল। তেওঁ ১৯৯৯ চনৰ পৰা ২০০২ চনলৈ ফুজিয়ানৰ শাসক (গভাৰ্ণৰ) আছিল, তাৰ পিছত ২০০২ চনৰ পৰা ২০০৭ চনলৈ কাষৰীয়া ঝেজিয়াঙৰ গভাৰ্ণৰ আৰু দলীয় প্ৰধান আছিল। চেন লিয়াংয়ুৰ অপসাৰণৰ পিছত তেওঁক ২০০৭ চনত অলপ সময়ৰ বাবে ছাংহাইলৈ পঠিওৱা হয়, দলীয় নেতাৰ ৰূপত। ছি জিনপিং ২০০৮ চনৰ পৰা ২০১৩ চনলৈ গণপ্ৰজাতন্ত্ৰী চীনৰ উপ-ৰাষ্ট্ৰপতি আছিল।
ছি এতিয়া গণপ্ৰজাতন্ত্ৰী ৰাষ্ট্ৰখনৰ পঞ্চম প্ৰজন্মৰ নেতৃবৰ্গৰ নেতা।[3] নেতৃত্ব বহন কৰাৰ পিছতে তেওঁ চীনত অভূতপূৰ্ব আৰু দূৰগামী দুৰ্নীতি বিৰোধী অভিযান আৰম্ভ কৰিলে, যাৰ মুখ্য দিশ বজাৰ সম্বন্ধিত আৰ্থনৈতিক সংস্কাৰ, আইনৰ মতে শাসন কৰা আৰু আইনী সংস্থাসমূহ শক্তিশালী কৰা, আৰু ন-চীনা স্বপ্নৰ আকাংক্ষাৰ ওপৰত গুৰুত্ব দিয়া।[4]
জিনপিঙে চীনা সমাজত চীনা সাম্যবাদী দলৰ প্ৰভাৱ বিস্তাৰ কৰিলৈ অনুষ্ঠিত কৰা মতাদৰ্শগত বক্তৃতাৰ ওপৰতো বিভিন্ন বাধা আৰোপ কৰিছে, পিচে তেওঁ ঐক্য আৰু পাৰ্টিৰ শৃংখলা বৃদ্ধিৰ বাবেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ সাংগঠনিক শক্তি বহু পৰিমাণে কেন্দ্ৰীভূত কৰিছে, তাৰ বাবে তেওঁ নকৈ গঠিত ৰাষ্ট্ৰীয় সুৰক্ষা আয়োগৰ পদকে ধৰি বিভিন্ন পদ নিজে গ্ৰহণ কৰিছে। তেওঁ ওপৰোৱা সংস্কাৰ, সামৰিক সংস্কাৰ আৰু ইণ্টাৰনেটৰ ওপৰত দৃষ্টি ৰাখিবলৈও নতুন সংগঠনৰ সৃষ্টি কৰিছে। জিনপিঙৰ অন্য উল্লেখনীয় কাম এটি হ'ল বৈদেশিক নীতি- তেওঁ চীন আৰু জাপানৰ সম্বন্ধ, দক্ষিণ সাগৰীয় বিবাদ, এছিয়াৰ আঞ্চলিক প্ৰসংগক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। তেওঁ শক্তি আৰু প্ৰাকৃতিক সম্পদৰ দিশতো গুৰুত্ব আৰোপ কৰিছে।[5]