চিয়োনবাদ
From Wikipedia, the free encyclopedia
চিয়োনবাদ (হিব্ৰু: צִיּוֹנוּת Tsiyyonut; আৰবী: صهيونية; গ্ৰীক: Σιωνισμός sionismós; ইংৰাজী: Zionism) হ’ল যিহূদীসকলৰ এটা মতাদৰ্শ[1][2][3] আৰু জাতীয়তাবাদী[lower-alpha 1] আন্দোলন যিটো মোটামুটিভাৱে কনান, প্ৰতিজ্ঞাত দেশ, পৱিত্ৰ দেশ, ইস্ৰায়েল দেশ অথবা ফিলিস্তিন অঞ্চলক কেন্দ্ৰ কৰি এটি যিহূদী ৰাষ্ট্ৰ পুনঃপ্ৰতিষ্ঠা আৰু পৃষ্ঠপোষকতাক সমৰ্থন কৰে।[6][7][8][9][10][11] আধুনিক চিয়োনবাদ ১৯শ শতিকাৰ শেষফালে মধ্য আৰু পূব ইউৰোপলৈ এটি জাতীয় পুনৰজাগৰণ আন্দোলন হিচাপে—যিহূদী বিদ্বেষৰ নৱতৰঙ্গ এবং হাস্কালা বা যিহূদী আলোকায়ন উভয়ৰ প্ৰতিক্ৰিয়াস্বৰূপ—উদ্ভূত হৈছিল।[12][13][14] এৰ পিছত আন্দোলনৰ বেছিৰভাগ নেতা ফিলিস্তিনত কাংক্ষিত ৰাষ্ট্ৰ স্থাপনৰ সৈতে মূল লক্ষ্যটিক জড়িত কৰিছিল, তৎকালীন সময়ত যে অঞ্চলটো উছমানীয় সাম্ৰাজ্যৰ নিয়ন্ত্ৰণত আছিল।[15][16][17]
ইস্ৰায়েল প্ৰতিষ্ঠাৰ পিছৰ পৰা চিয়োনবাদী আন্দোলন যিহূদী ৰাষ্ট্ৰৰ পক্ষলৈ কথা কৈ আহিছে। কিছু কিছু ক্ষেত্ৰত আহাদ হাম কৰ্তৃক প্ৰতিষ্ঠিত অৰাজনৈতিক সাংস্কৃতিক চিয়োনবাদক চিয়োনবাদ বুলি চিহ্নিত কৰা হয়। খ্ৰীষ্টান চিয়োনবাদী বুলি পৰিচিত এটি পদ আছে যিটো দ্বাৰা ইসৰায়েল ৰাষ্ট্ৰৰ পক্ষত থকা অ-যিহূদী ব্যক্তিবোৰক বুজায়।[উদ্ধৃতিৰ প্ৰয়োজন]
চিয়োনবাদৰ পক্ষাৱলম্বনকাৰীগণ এইটোক এটি সামাজিক আৰু ধৰ্মীয় গোষ্ঠীৰ হজাৰ বছৰ আগত ত্যাগ কৰা ঠাইলৈ প্ৰত্যাবৰ্তন হিচাপে অভিহিত কৰে।[18][19][20] চিয়োনবাদৰ সমালোচকসকলৰ মতে এইটো উপনিৱেশবাদী আৰু বৰ্ণবাদী[21] মতৱাদ যিটোয়ে ফিলিস্তিনৰ স্থানীয় আদিবাসীসকলৰ অধিকাৰ হৰণ আৰু তেওঁলোকক বহিষ্কাৰক সমৰ্থন কৰে।[22][23][24][25]