চাৰ্লছ ডিকেন্স
From Wikipedia, the free encyclopedia
চাৰ্লচ ডিকেঞ্চ (ইংৰাজী: Charles Dickens, সম্পূৰ্ণ নাম Charles John Huffam Dickens) (pron.: /ˈtʃɑrlz ˈdɪkɪnz/; ৭ ফেব্ৰুৱাৰী, ১৮১২ – ৯ জুন, ১৯৭০[1]) এজন ইংৰাজ লেখক আৰু সমাজ সমালোচক আছিল। তেখেতে দুখ কষ্টেৰে ভৰা নিজ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত সাহিত্য সৃষ্টি কৰি ইংৰাজী সাহিত্য সমৃদ্ধিশালী কৰি থৈ গৈছে। চাৰ্লচ ডিকেঞ্চৰ জন্ম ইংলেণ্ডৰ পৰ্টচ মাউঠ নামে ঠাইত ১৮১২ চনত হৈছিল[2]। চাৰ্লচৰ ১২ বছৰ বয়সত দেউতাক জন ডিকেঞ্চ ঋণৰ দায়ত পৰি জেললৈ যাবলগীয়া হয়। দেউতাকৰ ঋণ পৰিশোধ আৰু সংসাৰ চলোৱাৰ গুৰু দায়িত্ব মূৰ পাতি লৈ সেই বয়সতে চাৰ্লচে মজুৰি কৰিবলৈ লয়। কিন্তু অশেষ কষ্ট স্বীকাৰ কৰিও তেওঁ দেউতাকৰ ঋণৰ ৪০ পাউণ্ড ধন উপাৰ্জন কৰিবলৈ অক্ষম হয়। কাৰখানাত মজুৰি কৰি দিনে মাত্ৰ ১ চিলিং উপাৰ্জন হয়। ইয়াৰেই নিজৰ থকা-খোৱাৰ বন্দৱস্তৰ লগতে পঢ়া-শুনাৰ খৰচো আছে। দেউতাক জন ডিকেঞ্চে ঋণৰ ধন আদায় দিব নোৱাৰাৰ বাবে জেলত তিনিমাহ ম্যাদ সম্পূৰ্ণ কৰিবলগীয়া হয়। তিনিমাহৰ মূৰত জেলৰ পৰা ওলাই জন ডিকেঞ্চে পুনৰ চাকৰিত ধৰে আৰু চাৰ্লচক স্কুললৈ যোৱাৰ সুবিধা কৰি দিয়ে[3]।
চাৰ্লচ ডিকেঞ্চ Charles Dickens | |
---|---|
জন্ম | চাৰ্লচ জন হুফাম ডিকেঞ্চ ৭ ফেব্ৰুৱাৰী, ১৮১২ লেণ্ডপৰ্ট, পৰ্টচ মাউঠ, ইংলেণ্ড |
মৃত্যু | ৯ জুন, ১৮৭০ (৫৮ বছৰ) গেড’ছ হিল পেলেছ, হিঘাম, কেণ্ট, ইংলেণ্ড |
সমাধিস্থল | পয়েটছ কৰ্নাৰ, ৱেষ্টমিনিষ্টাৰ আবে |
পেচা | লিখক |
বংশদ্ভূত | ইংৰাজ |
নাগৰিকত্ব | সংযুক্ত যুক্তৰাজ্য |
উল্লেখনীয় কৰ্মৰাজি | The Pickwick Papers, Oliver Twist, A Christmas Carol, David Copperfield, Bleak House, Hard Times, A Tale of Two Cities, Great Expectations |
দাম্পত্যসংগী | কেথৰিন থমাছ হগাৰ্ট |
সন্তান | Charles Dickens, Jr., Mary Dickens, Kate Perugini, Walter Landor Dickens, Francis Dickens, Alfred D'Orsay Tennyson Dickens, Sydney Smith Haldimand Dickens, Henry Fielding Dickens, Dora Annie Dickens আৰু Edward Dickens |
স্বাক্ষৰ | |
পিতৃ-মাতৃ | John Dickens Elizabeth Dickens |