চাপচাৰকূট উৎসৱ
From Wikipedia, the free encyclopedia
চাপচাৰকূট উছৱ উত্তৰ পূৰ্বাঞ্চলৰ মিজো জনগোষ্ঠীয় লোকসকলৰ এক বসন্তকালীন আনন্দ উৎসৱ৷ চাপচাৰকূট উছৱত নৃত্য-গীতে আৰু ৰং-ৰহইচেই প্ৰধান বিষয়৷ মিজোসকলৰ তিনিটা প্ৰধান উৎসৱ প’লকূট, চাপচাৰকূট আৰু মীমকূট৷ এই তিনিওটা উৎসৱ অসমৰ বিহুৰ সমসাময়িকভাৱে পালিত হৈছিল৷ প’লকূট মাঘমাহত, চাপচাৰকূট ব’হাগ মাহত আৰু মীমকূট কাতিমাহমানত পালিত হৈছিল৷[1] এই তিনিওটা উৎসৱৰ বৈশিষ্টও অসমৰ তিনিটা বিহুৰ দৰে একে৷ প’লকূটত চিকাৰ আৰু ভোজ প্ৰধান বিষয়, চাপচাৰকূটত নৃত্য-গীত, খেল-ধেমালি প্ৰধান বিষয় আৰু মীমকূটত পূৰ্বপুৰুষসকলৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে সকলোৰে অপায়-অমঙ্গল দূৰ কৰিবলৈ পৰমেশ্বৰৰ ওচৰত মিনতি কৰা হয়৷
এই প্ৰবন্ধটো চাপচাৰ কুট নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |