গ্লী
From Wikipedia, the free encyclopedia
গ্লী (ইংৰাজী: Glee) হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন সংগীতময় কমেডি ড্ৰামা ধাৰাবাহিক। ধাৰাবাহিকখন আমেৰিকা, কানাডা, আৰু ভাৰতত ক্ৰমে ফক্স টেলিভিজন, গ্লোবেল টিভি, আৰু ষ্টাৰ ৱৰ্ল্ড যোগে সম্প্ৰচাৰ হয়।
ধাৰাবাহিকখনৰ কাহিনী আমেৰিকাৰ লাইমা, অ’হাঅ’ৰ এখন কাল্পনিক বিদ্যালয়, মেককেনলি হাই,-ৰ ‘নিউ ডাইৰেকচন’ নামৰ সংগীত ক্লাবৰ সদস্য সকলক কেন্দ্ৰ কৰি গতি কৰে। বিভিন্ন কোৰাচ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এই ক্লাবৰ সদস্য সকলৰ সামাজিক মৰ্যাদা একেবাৰে কম। বিদ্যালয়ৰ আন ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ওপৰত নানা নিৰ্যাতন চলায়। ক্লাবটোৰ ডাইৰেক্টৰ আৰু স্পেনিছ ভাষাৰ শিক্ষক ৱিল চুষ্টাৰৰ নিউ ডাইৰেকচনক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত বিজয়ী ৰূপে চাব বিচৰাৰ অদম্য স্পৃহাই ক্লাবটোৰ সদস্যসকলক একগোট কৰি ৰাখে। দ্বিতীয় শৃংখলাৰ শেষত নিউ ডাইৰেকচনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলে সক্ষম হয় যদিও মূল গায়ক ফিন হাডচনে মঞ্চত কৰা এক ভুলৰ বাবে ১২তম স্থানতে সন্তুষ্ট থাকিব লগা হয়।
বৰ্তমান ধাৰাবাহিকখনৰ তৃতীয় শৃংখলা চলি আছে।[1] এই শৃংখলাৰ সম্প্ৰচাৰ আৰম্ভ হয় ২০১১ চনৰ ২০ চেপ্টেম্বৰৰ পৰা।
শৈলী | সংগীতময় কমেডি কমেডি ড্ৰামা ড্ৰামা |
---|---|
নিৰ্মাতা | ৰায়ান মাৰ্ফি ব্ৰেড ফেলচাক ইয়ান ব্ৰেনান |
লিখক | ৰায়ান মাৰ্ফি ব্ৰেড ফেলচাক ইয়ান ব্ৰেনান |
অভিনয়ত | তলত চাওক |
দেশ | আমেৰিকা যুক্তৰাষ্ট্ৰ |
ভাষা | ইংৰাজী |
চিজনৰ সংখ্যা | ৩ |
খণ্ডৰ সংখ্যা | ৫৫ |
কাৰ্যবাহী প্ৰযোজক | ৰায়ান মাৰ্ফি ব্ৰেড ফেলচাক ডাণ্টে ডি লৰেটো ইয়ান ব্ৰেনান |
স্থান | লচ এঞ্জেলচ, কেলিফোৰ্ণিয়া |
কেমেৰাৰ ছেটআপ | একক কেমেৰা |
দৈৰ্ঘ্য | ৪২–৪৮ মিনিট |
ষ্টুডিঅ’ | টুৱেণ্টিথ চেঞ্চুৰি ফক্স টেলিভিজন ব্ৰেড ফেলচাক টেলি-ভিজন ৰায়ান মাৰ্ফি টেলিভিজন |
পৰিবেশক | টুৱেণ্টিথ চেঞ্চুৰি |
মূল ছেনেল | ফক্স |
দৃশ্যৰ ফৰমেট | 480i (SDTV) 720p (HDTV) |
প্ৰদৰ্শনৰ সময় | ১৯ মে ২০০৯ – বৰ্তমানলৈ |
সংশ্লিষ্ট ধাৰাবাহিক | গ্লী: দা থ্ৰী ডি কনচাৰ্ট মুভি দা গ্লী প্ৰজেক্ট |
আধিকাৰিক ৱেবছাইট |