গোলকীয় জলবায়ু পৰিৱৰ্তনৰ মানৱীয় মাত্ৰাৰ ওপৰত মালে ঘোষণাপত্ৰ
জলবায়ু পৰিৱৰ্তন আৰু মানৱ অধিকাৰ সম্পৰ্কীয় আন্তৰ্জাতিক ঘোষণাপত্ৰ / From Wikipedia, the free encyclopedia
গোলকীয় জলবায়ু পৰিৱৰ্তনৰ মানৱীয় মাত্ৰাৰ ওপৰত মালে ঘোষণাপত্ৰ (ইংৰাজী: Malé Declaration on the Human Dimension of Global Climate Change) হৈছে কেইবাখনো ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰ প্ৰতিনিধিৰ দ্বাৰা স্বাক্ষৰ কৰা এখন চুক্তি। ২০০৭ চনৰ নৱেম্বৰ মাহত এই ঘোষণাপত্ৰত স্বাক্ষৰ কৰিবলৈ কেইবাখনো ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰ প্ৰতিনিধি সকল একত্ৰিত হৈছিল। এই ঘোষণাপত্ৰৰ লক্ষ্য আছিল জলবায়ু পৰিৱৰ্তন আৰু মানৱ অধিকাৰক একেলগে সংযুক্ত কৰাৰ বাবে এক স্পষ্ট ৰণনীতি প্ৰস্তুত কৰা। ঘোষণাপত্ৰখনে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ অভিযানৰ কাৰ্যসূচী সলনি কৰাৰ বাবে কেৱল জলবায়ু পৰিৱৰ্তনৰ পাৰিপাৰ্শ্বিক প্ৰভাৱৰ ওপৰত গুৰুত্ব দিয়াৰ পৰা জলবায়ু পৰিৱৰ্তনৰ মানৱ অধিকাৰৰ প্ৰভাৱবোৰো বিবেচনা কৰিবলৈ চেষ্টা কৰিছিল।[1] এই ঘোষণাপত্ৰখনে স্পষ্ট কৰে যে স্বাস্থ্যকৰ পৰিৱেশৰ অধিকাৰ হৈছে আন সকলো মৌলিক মানৱ অধিকাৰৰ প্ৰাথমিক তাৎপৰ্য।[2]
ঘোষণাপত্ৰখন মালদ্বীপৰ ৰাজধানী মালেত স্বাক্ষৰ কৰা হৈছিল। সেয়ে এই চুক্তিক চমুকৈ মালে ঘোষণাপত্ৰ বুলিও কোৱা হয়। জলবায়ু পৰিৱৰ্তনে ইতিমধ্যে জনসংখ্যাৰ মানৱ অধিকাৰক প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰিছে। সেয়েহে মালদ্বীপ আৰু অন্যান্য দ্বীপ ৰাষ্ট্ৰসমূহে এক আন্তৰ্জাতিক মিত্ৰজোঁট নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে যিয়ে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ মানৱ অধিকাৰক এক পৰিকাঠামো হিচাপে ব্যৱহাৰ কৰে। এই মিত্ৰজোঁটটোৱে জেনেভা, নিউয়ৰ্ক আৰু মালেত ঘোষণাপত্ৰৰ বিষয়ত সভাৰ আয়োজন কৰিছে।[3]