গু কাইঝি
From Wikipedia, the free encyclopedia
গু কাইঝি (ইংৰাজী: Gu Kaizhi; সৰলীকৃত চীনা: 顾恺之; ৩৪৪-৪০৬) এগৰাকী চীনা চিত্ৰশিল্পী আৰু ৰাজনীতিবিদ আছিল। তেওঁ প্ৰাচীন চীনৰ এগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পী।[1] তেওঁৰ জন্ম ৱুক্সিত হৈছিল আৰু প্ৰথমবাৰৰ বাবে ৩৬৪ চনত নানজিঙত তেওঁ ছবি আঁকিছিল। ৩৬৬ ত, তেওঁ এগৰাকী বিষয়া (প্ৰতিৰক্ষা মন্ত্ৰীৰ সহায়ক, 大司馬參軍) আছিল আৰু পিছত ৰাজকীয় বিষয়ালৈ (জেন্টলমেন ইন ৱেটিং টু দ্য এম্পেৰ’ৰ, 散騎常侍) পদোন্নতি দিয়া হৈছিল। গু এগৰাকী প্ৰতিভাশালী কবি আৰু কেলিগ্ৰাফাৰও আছিল। তেওঁ চিত্ৰকলা তত্ত্বৰ বিষয়ে তিনিখন কিতাপ লিখিছিল: ‘অন পেইণ্টিং’ (畫論), ‘ইণ্ট্ৰডাকচন অৱ ফেমাছ পেইণ্টিংচ্ অৱ ৱেই এণ্ড জিন ডাইনেষ্টিজ’ (魏晉勝流畫贊) আৰু ‘পেইণ্টিং য়ুনটাই মাউণ্টেইন’ (畫雲台山記)। তেওঁ কৈছিল যে; ফিগাৰ পেইণ্টিঙত কাপোৰ বা দেহৰ গুৰুত্ব নাই। চকুৱেহে এনে ছবিক উজ্জীৱিত কৰে আৰু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে।[1]
গুৰ চিত্ৰকলাক কেইবাখনো ৰেচম হেণ্ডস্ক্ৰল চিত্ৰৰ প্ৰতিলিপিৰ জৰিয়তে জনা যায়।