গুজৰী ভাষা
From Wikipedia, the free encyclopedia
গুজৰী, গোজৰী বা গুৰ্জৰী এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত।[1][2] ই ঘাইকৈ ভাৰত আৰু পাকিস্তানৰ গুজ্জৰ সম্প্ৰদায়ৰ লোকে ব্যৱহাৰ কৰে। কিছু সংখ্যক কথোঁতা আফগানিস্তানতো আছে।
Gurjari | |
---|---|
Gojri, Gurjari, Gujjari | |
गुर्जरी, گُوجَری | |
Gurjari written in Takri, Nastaliq script (middle) and Devanagari (bottom) | |
থলুৱা অঞ্চল | India, Pakistan, Afghanistan |
স্থানীয় ভাষিক |
1.7 million (2011–2018)e26 |
ভাষা পৰিয়াল |
Indo-European
|
লিখন প্ৰণালী | Takri, Nastaliq script, Devanagari |
ভাষা সংকেত | |
ISO 639-3 | gju |
ভাৰতৰ ২০১১ চনৰ জনগণনা অনুযায়ী, এই ভাষা প্ৰায় ১৩ লাখ লোকে ব্যৱহাৰ কৰিছিল জম্মু আৰু কাশ্মীৰ আৰু হিমাচল প্ৰদেশত। অন্য প্ৰান্তৰ গুজ্জৰ লোকে নিজৰ নিজৰ প্ৰান্তৰ স্থানীয় ভাষাহে ব্যৱহাৰ কৰিছিল। পাকিস্তানত আনুমানিক ৪০০০০০ গুজৰী ভাষী লোক আছিল ২০১৮ চনত, মুখ্যতঃ পাকিস্তান অধিকৃত কাশ্মীৰ, গিলগিত-বলতিস্তান (দিয়ামেৰ আৰু গিলগিত জিলাত), খাইবৰ পখতুনখোৱা (হজৰ প্ৰান্তত, উত্তৰ-পশ্চিম দিশে চিত্ৰললৈকে), আৰু উত্তৰ পাঞ্জাবৰ ৰৱালপিণ্ডি জিলাত। ২০১৫ চনত আফগানিস্তানত আনুমানিক ১৫০০০ লোকে এই ভাষা কৈছিল।[3]
ভাৰতত পূৰ্বৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যই গুজৰীক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছিল, নিজৰ সংবিধানৰ ষষ্ঠ অনুসূচীত ইয়াক অন্তৰ্ভুক্ত কৰি।[4]