গান্ধী জয়ন্তী
মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে ভাৰতত উদযাপিত অনুষ্ঠান / From Wikipedia, the free encyclopedia
গান্ধী জয়ন্তী ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। সমগ্ৰ ভাৰতত এই দিনটো চৰকাৰী ছুটিৰ দিন। যদিও ভাৰতৰ সংবিধানত জাতিৰ পিতা বুলি কোনো উপাধি প্ৰদান কৰা হোৱা নাই, তথাপিও ভাৰতৰ জন-গণে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি গণ্য কৰে।[1][2]
ক্ষিপ্ৰ তথ্য গান্ধী জয়ন্তী Gandhi Jayanti, পালন কৰে ...
গান্ধী জয়ন্তী Gandhi Jayanti | |
---|---|
মহাত্মা গান্ধী | |
পালন কৰে | ভাৰত |
প্ৰকাৰ | ৰাষ্ট্ৰীয় |
মহত্ব | ভাৰতীয় স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ ভূমিকা আৰু তেওঁলৈ শ্ৰদ্ধা নিবেদন |
তাৰিখ | ২ অক্টোবৰ |
আচাৰ | সমাৰোহ, গান্ধী বিষয়ক প্ৰতিযোগিতা, প্ৰাৰ্থনা সভা |
সম্পৰ্কিত | আন্তজাৰ্তিক অহিংসা দিৱস গণৰাজ্য দিৱস স্বাধীনতা দিৱস |
বন্ধ কৰক
মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ২০০৭ চনৰ ১৫ জুন তাৰিখে ২ অক্টোবৰক আন্তজাৰ্তিক অহিংসা দিৱস হিচাপে ঘোষণা কৰে।[3]