গান্ধাৰী
From Wikipedia, the free encyclopedia
গান্ধাৰী (সংস্কৃত: गांधारी , অৰ্থ: গান্ধাৰৰ জীয়ৰী) হিন্দু মহাকাব্য মহাভাৰতৰ এটি বিশিষ্ট চৰিত্ৰ। তেওঁ গান্ধাৰৰ ৰাজকন্যা আছিল তথা হস্তিনাপুৰৰ অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ পত্নী, আৰু এশ পুত্ৰ কৌৰৱৰ মা। পতীব্ৰতা নাৰী গান্ধাৰীক সদগুণৰ প্ৰতীক ৰূপে গণ্য কৰা হয় তথা মহাকাব্যৰ সকলোতকৈ সম্মানিত নৈতিক শক্তি সমূহৰ মাজৰ এটি চৰিত্ৰ। তেওঁ কেৱল এজন অন্ধ ৰজাৰে বিবাহপাশত আবদ্ধ হোৱাই নহয়, আনকি তেওঁ নিজ স্বামীৰ অক্ষমতাৰ সমভাগি হৈ বিবাহৰ পিছৰ জীৱনচোৱা সম্পূৰ্ণ ৰূপে অন্ধ নাৰী হিচাপে কটাবলৈ সিদ্ধান্ত ল'লে। সেয়ে পিছলৈ তেওঁ চকুত এখন কাপোৰ বান্ধি লৈ অন্ধকাৰৰ সৈতে সহবাস কৰিবলৈ শিকিলে। তেওঁ নিৰ্দিষ্ট জটিল সংকটৰ সময়ত নিজৰ স্বামীক বিভিন্ন পৰামৰ্শ দিছিল, যি সমূহ নৈতিক দৃষ্টিকোণৰ পৰা সঠিক নাছিল; তেওঁ ধাৰ্ম্মিকতাৰ সৈতে তেওঁৰ আনুগত্যেতা সদায়ে বজাই ৰাখিবলৈ চেষ্টা কৰিছিল আনকি বহু তিতা সংকটৰ শেষ পৰ্যন্ত তেওঁ নিজৰ মতত অটল আছিল। পাণ্ডৱ আৰু কৌৰৱ পক্ষৰ মাজত হোৱা কুৰুক্ষেত্ৰৰ ৰণত ১৮ দিনৰ ভিতৰত হোৱা তেওঁৰ ১০০পুত্ৰৰ মৃত্যুৰ সাক্ষী তেওঁ নিজেই আছিল; সন্তানৰ মৃত্যুৰ দুঃখত ম্ৰিয়মাণ হৈ তেওঁ ভগৱান শ্ৰীকৃষ্ণক অভিশাপ দিছিল যে, শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ বংশ এইদৰেই ধ্বংস হৈ যাব। জীৱনৰ অন্তিমচোৱা সময় তেওঁ তেওঁৰ স্বামীৰ সৈতে এখন বনৰ আশ্ৰমত কটায়। [1]
গান্ধাৰী | |
---|---|
মহাভাৰতৰ চৰিত্ৰ | |
তথ্য | |
পৰিয়াল | সুবল (পিতৃ) সুদৰ্মা (মাতৃ) শকুনি (ককায়েক) |
দাম্পত্যসঙ্গী | ধৃতৰাষ্ট্ৰ |
সন্তান | দুৰ্যোধন, দুশাসন, বিকৰ্ণ, আন ৯৭জন পুত্ৰ আৰু দুশালা (কন্যা) |