গড়মূৰ সত্ৰ
From Wikipedia, the free encyclopedia
গড়মূৰ সত্ৰ অসমৰ চাৰি ৰাজ সত্ৰৰ তৃতীয় শাৰীৰ সত্ৰ। স্থাপন কাল হিচাপে দ্বিতীয়। প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ শ্ৰী শ্ৰী জয়হৰিদেৱ। প্ৰথমে গড়মূৰ সত্ৰ দুখন আছিল। এখন বৰ গড়মূৰ আৰু আনখন সৰু গড়মূৰ। দুয়োখন মাজুলীৰ সাৰজানৰ কাষত ওচৰা-ওচৰিকৈ আছিল। পাছত দুয়োখন চামিল হৈ এক হয়। আহোম ৰজা প্ৰতাপ সিংহই বন্ধোৱা ছেৱাতল গড়ৰ মূৰতে স্থাপন কৰা বাবে সত্ৰখনৰ নাম হয় গড়মূৰ সত্ৰ। বাকী তিনিখন ৰাজ সত্ৰৰ দৰে এইখন সত্ৰৰ আজিলৈকে এবাৰো স্থান পৰিৱৰ্ত্তন কৰিব লগা হোৱা নাই। আগতে গড়মূৰ সত্ৰৰ অতুল ঐশ্বৰ্য্য সম্পত্তি আছিল। ১৮৩৬ চনত ডেভিদ স্কটৰ ইস্তহাৰত সন্মতি নিদি ইংৰাজৰ আনুগত্য স্বীকাৰ নকৰাত সত্ৰৰ ২৪০০০ পুৰা লাখেৰাজ ভূমি বৃত্তি পৰিত্যাগ কৰিব লগা হয়। এই ঘটনা চলাজনা অধিকাৰ শ্ৰী শ্ৰী ৰঘুদেৱৰ দিনত ঘটে। বৰ্তমান সত্ৰখন বিশেষকৈ ইচ্ছাকৃত বৰঙনিৰ ওপৰতহে চলি আছে।
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
এই অসম সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য গড়মূৰ সত্ৰ ...
গড়মূৰ সত্ৰ |
---|
বন্ধ কৰক